আজি বিশ্বকাপৰ মহাৰণ, সমুখ সমৰত ভাৰত-পাকিস্তান

আজি বিশ্বকাপৰ মহাৰণ, সমুখ সমৰত ভাৰত-পাকিস্তান

ডিজিটেল ডেস্ক : আজি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মহাৰণ । সমুখ সমৰত অৱতীৰ্ণ চিৰবৈৰী ভাৰত আৰু পাকিস্তান । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ ১৪ নং মেচত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত পুনৰ এবাৰ কোহলি বনাম বাবৰ আজম অথবা বুমৰাহ বনাম আফ্ৰিদী ।

বিশ্বকাপত শেহতীয়াকৈ ফৰ্ম উভতাই পোৱা ভাৰতীয় দলটো বৰ্তমান আত্মবিশ্বাসৰ তুংগত । বিগত দুয়োখন মেচতেই আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰি পুনৰ এবাৰ জটিল সময়ত ত্ৰাণকৰ্তা ৰূপে দেখা দিছে কোহলিয়ে । আফগানিস্তানৰ বিৰুদ্ধে অন্তিমখন মেচত ফৰ্ম উভতাই পালে দলটোৰ অপেনাৰ বেটছমেন ৰোহিত শৰ্মাইও । তেনেস্থলত বেটিঙৰ দিশত কিছু পৰিমাণে শক্তিশালী ভাৰত ।

অৱশ্যে, বাওঁহতীয়া বেগী বলাৰে ভাৰতীয় দলৰ লাইন-আপ যিকোনো মূহুৰ্ততেই তচ্-নচ্ কৰি পেলোৱাৰ নজিৰো কম নহয় । বেগী বলাৰৰ বাবে বিখ্যাত পাকিস্তানে ভাৰতক বিনা প্ৰতিদ্বন্দিতাৰে যে মেচত জয়ী হʼবলৈ নিদিয়ে সেইয়া খাটাং ।

আনহাতে, ডেংগুত আক্ৰান্ত অপেনাৰ শুভমণ গিলো দললৈ উভতি অহাৰ বহু পৰিমাণে সম্ভাৱনা আছে । এদিনীয়া ক্ৰিকেটত ১০৫.০৩ৰ ষ্ট্ৰাইক ৰেটেৰে চলিত বৰ্ষত বহু চৰ্চিত গিল ।

একেই আশা, একেই প্ৰত্যাশা পাকিস্তানৰো । চিৰবৈৰী ভাৰতক বিশ্বকাপৰ মহাৰণত নিজৰ ভূমিতেই পৰাস্ত কৰাৰ হাবিয়াস গগণচুম্বী নহয় । বাবৰ আজমৰ শেহতীয়া প্ৰদৰ্শন আশানুৰূপ নহ'লেও আজিৰ মেচত প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা অধিক । পাকিস্তানৰ বলিং বিভাগৰ পৰাক্ৰম সন্দৰ্ভত ইতিমধ্যেই ক্ৰিকেটপ্ৰেমী দৰ্শক জ্ঞাত । তেনেস্থলত আজিৰ মেচে যিকোনো মূহুৰ্ততেই এক নতুন দিশে গতি কৰিব যে পাৰে সেইয়া সকলোৱেই স্বীকাৰ কৰে ।

আনহাতে, ঘৰুৱা পৰিৱেশত ভাৰতৰ সম্ভাৱনা অধিক । ইতিমধ্যেই অষ্ট্ৰেলিয়াৰ পেচ বলিঙৰ বিৰুদ্ধে শ্লʼ পিটছ আৰু আৰু আফগানিস্তানৰ স্পীনৰ বিৰুদ্ধে ফ্লেট পিটছ তৈয়াৰ কৰি জয়ৰ বেহু ৰচিছিল ভাৰতে । আজিও পাকিস্তানৰ বিৰুদ্ধে স্পীনৰ সহায়ক পিটছত অশ্বীন, কুলদীপ যাদৱ অথবা যাদেজা যে মূল অস্ত্ৰ হʼব সেইয়া প্ৰায় নিশ্চিত । এতিয়া অপেক্ষা মাথো মেচৰ আৰম্ভণি লৈ । ৰোমাঞ্চকৰ হৈ উঠক এই মহাৰণ ।

আজি বিশ্বকাপৰ মহাৰণ, সমুখ সমৰত ভাৰত-পাকিস্তান
অব্যাহত আছে ভাৰতৰ উদ্ধাৰ অভিযান, পূৰ্ণোদ্যমে চলিছে 'অপাৰেশ্যন বিজয়'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in