ৰহাত ৫দিনে সন্ধানহীন মহিলাঃ আৰক্ষীক এজাহাৰ দাখিল

ৰহাত ৫দিনে সন্ধানহীন মহিলাঃ আৰক্ষীক এজাহাৰ দাখিল

author-image
Asomiya Pratidin
New Update
ৰহাত ৫দিনে সন্ধানহীন মহিলাঃ আৰক্ষীক এজাহাৰ দাখিল

ডিজিটেল সংবাদ,ৰহা: বিগত ৫ দিন ধৰি সন্ধানহীন হৈ আছে ৰহাৰ চিৰমলাৰ এগৰাকী বিবাহিতা মহিলা। ৰহাৰ চিৰমলাৰ প্ৰসেন দাস নামৰ যুৱক জনৰ পত্নী কাবেৰী বড়ো দাস শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে।

Advertisment

সন্ধানহীন মহিলা গৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে শনিবাৰৰ দিনা তেওঁৰ পত্নী কাবেৰী বড়ো দাস ঘৰৰ পৰা‌ সন্তানক বিদ্যালয়লৈ থবলৈ বুলি ওলাই গৈছিল। তেতিয়াৰ পৰাই মহিলা গৰাকী নিৰুদ্দেশ হৈ আছে।

ইপিনে শনিবাৰৰ পৰা বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰি পত্নীক নোপোৱাত আমচৈ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে স্বামীয়ে। আৰক্ষীয়েও বৰ্তমান পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই মহিলা গৰাকীৰ। কোনো সদাশয় ব্যক্তিয়ে তেওঁৰ পত্নীৰ সন্ধান পালে ৮৮১১০৪২৮৯৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Also Read: মিজোৰামত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

raha woman