মিজোৰামত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

মিজোৰামত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

author-image
Asomiya Pratidin
New Update
মিজোৰামত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

ডিজিটেল সংবাদ,শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান অব্যাহত আছে অসম ৰাইফলছৰ।‌গোপন তথ্যৰ ভিত্তিত অভিযান চলাই চাম্পাই জিলাৰ পৰা বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে।

Advertisment

অসম ৰাইফলছৰ এক সূত্ৰই সদৰী কৰা মতে, গোপন তথ্যৰ ভিত্তিত ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰ নগুৰ এলেকাত চলোৱা হৈছিল এই অভিযান। অভিযানত ৪৬ বস্তা অবৈধ চুপাৰি জব্দ কৰা হয়। জব্দ কৰা চুপাৰি খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২৫ ৭৬ লাখ টকা।‌ পৰৱৰ্তী সময়ত অবৈধ চুপাৰি খিনি চাম্পাইৰ কাস্তম বিভাগক গতাই দিয়া হয়।

mizoram