কি চলিছে ৰহা বিজেপিৰ ভিতৰচ'ৰাত..

কি চলিছে ৰহা বিজেপিৰ ভিতৰচ'ৰাত..

author-image
Asomiya Pratidin
New Update
কি চলিছে ৰহা বিজেপিৰ ভিতৰচ'ৰাত..

ডিজিটেল সংবাদ,ৰহাঃ শনিবাৰে ৰহাত বিজেপিৰ জ্যেষ্ঠ কৰ্মীসকলে এক কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰে। কিন্তু এই সন্মিলনত উপস্থিত নাছিল কোনো মণ্ডল বিজেপি সদস্য। সন্মিলনলৈ মতা নহ'ল ন-বিজেপি কাৰ্যকৰ্তাক। এই লৈ ৰহাত ব্যাপক চৰ্চা চলিছে।

Advertisment

সন্মিলনৰ পিচত ৰহাত বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তাই এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদ মেলত 'ন-পুৰণি বুলি কোনো প্ৰভেদ নাই, সকলোৱে একেলগে দলটোক আগুৱাই নিব লাগিব' বুলি মন্তব্য কৰিলেও ইয়াৰ মাজতে জ্যেষ্ঠ নেতা-কৰ্মীসকলে প্ৰকাশ কৰিলে বহু বিস্ফোৰক মন্তব্য।

জ্যেষ্ঠ বিজেপি নেতাই কয় যে, যিসকল জ্যেষ্ঠ নেতা, কৰ্মকৰ্তাই বিজেপিৰ ঘৰ বনাইছিল, নতুনকৈ অহা লোকসকলে যদি সেইসকলক ঘৰৰ পৰা বাহিৰ কৰি দিম বুলি কয়, সেই কথা কেতিয়াও হ'ব নোৱাৰে। যদি কৰে তেতিয়া ব্যাপক জনজাগৰণৰ সৃষ্টি হ'ব আৰু তাৰ ফল নতুনচামে ভুগিব লাগিব।

লগতে উল্লেখ কৰে যে, নতুনচাম অতিথি। অতিথিক ভালকৈ চাহ জলপান খোৱাই ৰখাৰ কৰ্তব্য।পুৰণিখিনিয়ে যেনেকৈ নতুন সকলক আদৰণী জনাইছে, তেনেকৈ পুৰণিখিনিৰ প্ৰতি নতুন সকলৰ দায়িত্ব আৰু কৰ্তব্য আছে। নহ'লে কোনো কথা মানি লোৱা নহ'ব।

ইয়াৰ লগতে এসময়ৰ ৰহা বিজেপিৰ জ্যেষ্ঠ নেতা তথা কাৰ্যকৰ্তা প্ৰণৱ শইকীয়া কয় যে, বিজেপিৰ ভিতৰত আছে বহু ধুৰন্ধৰ,হাৰামী,দগাবাজ লোক।ইয়াৰ ভিতৰত জ্যেষ্ঠ নেতাও আছে। বিজেপিত থকা দগাবাজ,ধুৰন্ধৰ,হাৰামীৰ বাবেই এইবাৰ নগাঁও লোকসভাত বিজেপি হাৰিব পাৰে।

উল্লেখ্য যে উক্ত সংবাদমেলত প্ৰণৱ শইকীয়াৰ লগতে ৰহাৰ বয়স্ক তথা জ্যেষ্ঠ নেতা সমৰসিং ডেকা, জগমোহন নাথ প্ৰমুখ্যে কেইবাজনো বিজেপিৰ পুৰণি কাৰ্যকৰ্তা উপস্থিত থাকে।

Also Read: বিশিষ্ট বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান

BJP Workers Press Meet raha bjp