বিশিষ্ট বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান

বিশিষ্ট বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
বিশিষ্ট বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান

ডিজিটেল সংবাদ,বোকাখাতঃ বিশিষ্ট বিজ্ঞানী,লোক সংস্কৃতিৰ গৱেষক তথা অধ্যাপক ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট বিজ্ঞানী গৰাকীয়ে।তেখেতৰ নশ্বৰ দেহ ইতিমধ্যে গুৱাহাটীৰ পৰা গোলাঘাটস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে।

Advertisment

বিশিষ্ট গৱেষক আৰু চিন্তাবিদ গৰাকীক এই কায়িক প্ৰস্থানত শোকস্তব্ধ হৈ পৰে বোকাখাত।পৰৱৰ্তী সময়ত বিশিষ্ট গৱেষক আৰু চিন্তাবিদ গৰাকীলৈ বোকাখাত নাট্য মন্দিৰৰ সন্মুখত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বোকাখাত নাট্য মন্দিৰ পৰিচালনা সমিতিয়ে।

লগতে তেওঁক বোকাখাত মহকুমা সাংবাদিক সন্থা,ভাৰতীয় গণনাট্য সংঘ,প্ৰয়াস অধ্যয়ন চক্ৰ,জীপাল কৃষক শ্ৰমিক সংঘ,বোকাখাত জাতীয় বিদ্যালয়, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়,চি এন বি কলেজ,বোকাখাত জে,ডি,এছ,জি কলেজ,ব্যৱসায়িক সন্থা, বোকাখাতৰ জেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা দল সংগঠনেও শ্ৰদ্ধাঞ্জলি জনায়।

Also Read: মাজবাটত ১৫ লাখ টকাৰ অবৈধ সুৰা জব্দ

assam scientist latest news golaghat latest news padmeshwar gogoi death