Advertisment

সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ অৱস্থান ধৰ্মঘট

সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, ৰহাঃ অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এনপিএছ সন্থাৰ ৰহা আঞ্চলিক সমিতিয়ে ৰহা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

Advertisment

সদ্য প্ৰাদেশিকীত বিদ্যালয়ৰ শিক্ষকসকলে হে এই প্ৰতিবাদ কৰিছে বুলি বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক ভূল বুলি কৈ কয় যে এন পি এছৰ ভয়াবহতা কেৱল শিক্ষকসকলৰে নহয় সকলো চৰকাৰী কৰ্মচাৰীৰ মাজতে বিয়পি আছে ।

ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে ভালকৈ উপলব্ধি কৰিছে এনেপিএছৰ এই ভয়াবহতাক । অতি শীঘ্ৰে এনপিএছ ব্যৱস্থা বাতিল কৰি অপএছ ব্যৱস্থা বাহাল ৰাখিবলৈ চৰকাৰক আহ্বান জনাই সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰহা আঞ্চলিক সমিতিয়ে লগতে এনপিএছ বাতিল নোহোৱালৈ ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ।

Also Read: নগাঁৱৰ ৰেল ষ্টেচনত ভকেল ফৰ ল’কেল

raha nps ops