নগাঁৱৰ ৰেল ষ্টেচনত ভকেল ফৰ ল’কেল

 নগাঁৱৰ ৰেল ষ্টেচনত ভকেল ফৰ ল’কেল

ডিজিটেল সংবাদ,নগাঁও : এইবাৰ ৰেলটো ভকেল ফৰ ল’কেল ( Vocal for Local) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহমেদাবাদত পুৱা আনুষ্ঠানিকভাবে ৰেলপ্ৰকল্পৰ এক বৃহৎ আচঁনি মুকলি কৰাৰ লগে লগে নগাঁৱৰ পাঁচটাকৈ ৰেল ষ্টেচন ইয়াত অন্তৰ্ভুক্ত হয় ৷ জিলাখনৰ চাপৰমূখ ,শেনচোৱা ,নগাঁও , ৰূপহী ,হয়বৰগাঁও ৰেল ষ্টেচন এতিয়াৰ পৰা থলুৱাৰ আধিপত্য বিস্তাৰিত হ'ব ৷ তিলপিঠা কেটলীমুখত দিয়া পিঠা আদিকে ধৰি থলুৱা উৎপাদিত এখনি বজাৰ হ'ব ষ্টেচনত ৷

নগাঁও , ৰূপহী , হয়বৰগাঁও ৰেলষ্টেচনত আত্মসহায়ক গোটক স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে সুবিধা দিয়া হৈছে ৷ চাপৰমূখ ৰেল ষ্টেচনত স্থানীয়লোকক ডাবনাৰিকলৰ বজাৰ বহুৱাবলৈ সুবিধা দিয়া হৈছে ৷ আনহাতে শেনচোৱা ৰেল ষ্টেচনটি বিশেষভাবে মালবাহী গাড়ী যাতায়তৰ ব্যৱস্থা কৰা হৈছে ৷ বৰ্তমান দহটাকৈ ৰেগ সৰবৰাহৰ ব্যৱস্থা কৰা হৈছে শেনচোৱাত ৷

এই উপলক্ষে অনুষ্ঠিত হয়বৰগাঁও ৰেলষ্টেচনৰ অনুষ্ঠানত সহকাৰী বাৰ্ণিজ্য প্ৰবন্ধক ঋতুৰাজ বৰঠাকুৰ বাৰ্ণিজ্য নিৰীক্ষক কল্যান বৰ্মন হয়বৰগাঁও ৰেল ষ্টেচনৰ মাষ্টৰ জ্বালা বিহাৰী প্ৰসাদ আদি উপস্থিত থাকে ৷

 নগাঁৱৰ ৰেল ষ্টেচনত ভকেল ফৰ ল’কেল
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ পদত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in