/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/963cab11-80ce-44f9-b8cf-1ffa97da0645/22.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাৰ ভৌগলিক অস্তিত্ব সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ।পৰিষদৰ উদ্যোগত সমাগত বান বাৰিষাৰ গ্ৰাসৰ পৰা ঢকুৱাখনা মাজুলীক স্থায়ী সুৰক্ষা দিয়াৰ উদ্দেশ্যে পৰিষদে বৃহৎ পৰিমাণৰ পুঁজি আবন্টন কৰিছে। পৰিষদৰ তৰফৰ পৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয় ৰোধৰ বাবে প্ৰায় ৯০ লাখ টকা আবন্টন দি বুধবাৰে প্ৰাৰম্ভিক জৰীপৰ কাম হাতত লৈছে।
বুধবাৰে জলসম্পদ বিভাগ আৰু স্বায়ত্ব শাসিত পৰিষদৰ এটা যুটীয়া কাৰিকৰী বিষয়াৰ দলে এই জৰীপ কাৰ্য আৰম্ভ কৰে। পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ পৰামৰ্শৰ ভিত্তিত ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো, পৰিষদৰ কাৰ্যবাহী অভিযন্তা হৰিপ্ৰসাদ মিলি,মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং,সুৰেশ দলে,খনিন্দ্ৰ মেদক,যতীন পেগু, অমৰজিত দলে,অমৃত দলে,বিউটি পেগু আৰু কেইবাগৰাকী কেন্দ্ৰীয়,জিলা আৰু আঞ্চলিক বিষয়ববীয়াই এই জৰীপ কাৰ্যত সহযোগিতা আগবঢ়ায়।
দলটোৱে স্পৰ্শকাতৰ বৰবিল,বান্দেনা অংশৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰি ৩ মে'ৰ পৰা খহনীয়া প্ৰতিৰোধ আঁচনি আৰম্ভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে। পৰিষদৰ অধ্যক্ষ সুনীল পেগুৰ তৎপৰতাত ঢকুৱাখনাৰ ভৌগলিক পৰিকাঠামো সুৰক্ষিত কৰাৰ প্ৰয়াসৰ বিপৰীতে গৃহভূমিবাসীৰ সংকটত এবাৰ খবৰ ল'বলৈ আহৰি পোৱা নাই বিধায়ক নৱ দলে। বিধায়ক দলেৰ এনে উদাসীন ভূমিকাই নদীপৰিয়া ৰাইজক ক্ষুব্ধ কৰি তুলিছে।
Also Read: দক্ষিণ চীনত ৰাস্তা খহি ৩০ৰো অধিক লোক নিহত...