/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d9ecb185-333f-490f-a982-9a2a9861034f/11.jpg)
ডিজিটেল সংবাদ, ৰহাঃ হাজাৰ হাজাৰ ভক্তৰ সমাগমত উখল-মাখল ৰহাৰ ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থান। মঙ্গলবাৰে ভৈমী একাদশী। জনশ্ৰুতি মতে মাঘৰ শুক্লপক্ষৰ একাদশীত ভৈমী অৰ্থাৎ পৃথিৱীয়ে একাদশী ব্ৰত পালন কৰিছিল। ইয়াৰ লগত সংগতি ৰাখি বহু যুগৰ পৰা ৰহাৰ মহিমামণ্ডিত মা বসুন্ধৰী থানত অনুষ্ঠিত হৈ আহিছে ঐতিহাসিক ভৈমী একাদশী মেলা মহোৎসৱৰ।
এইবাৰো যোৱা সোমবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এই ভৈমী একাদশী মেলা মহোৎসৱৰ মংগলবাৰে অনুষ্ঠিত হয় মূল মেলা পৰ্ব। এই ঐতিহ্যমণ্ডিত মেলা মহোৎসৱক লৈ সমগ্ৰ অঞ্চলজুৰি ইতিমধ্যে সৃষ্টি হৈ আছে এক উৎসৱমুখৰ পৰিৱেশৰ। ভৈমী একাদশীৰ উপলক্ষে মা বসুন্ধৰী থানলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। ধূপ-ধূণাৰ পৱিত্ৰ গোন্ধ, পুৰুহিতৰ মংগলচাৰণ, শংখ-ঘণ্টাৰ আধ্যাত্মিক কোলাহলে মুখৰিত কৰি তুলিছে মা বসুন্ধৰী থান। হাজাৰ হাজাৰ ভক্তই পূজাৰ অৰ্ঘ লৈ আশীৰ্বাদ লৈছে মা বসুন্ধৰীৰ পৰা।
লোকবিশ্বাস অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ একাদশীত বসুন্ধৰা অৰ্থাৎ পৃথিৱীয়ে একাদশী ব্ৰত পালন কৰিছিল। এই পূণ্য তিথিত মা বসুন্ধৰী থান দৰ্শন কৰিলে মনোকামনা পূৰণ হয় বুলি আজিও লোকবিশ্বাস অটুত আছে। তাৰ ফলশ্ৰতিতে এই পূণ্য তিথিত পূজাৰ অঘ্য লৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে ৰহাৰ গছপৰাৰ বসুন্ধৰী পাহাৰত অৱস্থিত মা বসুন্ধৰী থানলৈ। যুগ যুগ ধৰি প্ৰতি বছৰে ঐতিহ্যমণ্ডিত বসুন্ধৰী থানত অনুষ্ঠিত হোৱা এই ভৈমী একাদশী মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে।
Also Read: ভূটানৰ সৈতে বিতৰ্কিত সীমান্তত চীনৰ গাঁও নিৰ্মাণ...