ৰহাত ৰাজহুৱা শ্মশানৰ গছ কাটি গোপনে বিক্ৰীৰ চেষ্টা..

ৰহাত ৰাজহুৱা শ্মশানৰ গছ কাটি গোপনে বিক্ৰীৰ চেষ্টা..

author-image
Asomiya Pratidin
New Update
ৰহাত ৰাজহুৱা শ্মশানৰ গছ কাটি গোপনে বিক্ৰীৰ চেষ্টা..

ডিজিটেল সংবাদ,ৰহাঃ ৰহাৰ ফুলগুৰি পশ্চিম শালমৰাত দুস্কৃতিকাৰীৰ দৌৰাত্ম্য। ৰাজহুৱা শ্মশানৰ গছ কাটি গোপনে বিক্ৰীৰ চেষ্টা। অভিযোগ মতে, ফুলগুৰি পশ্চিম শালমৰাৰ বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ শ্মশানখনৰ শিমলু, আঁহত আদি গছ অঞ্চলটোৰে অৰবিন্দ পাটৰ নামৰ লোকজনে আন তিনিজন লোকৰ লগ হৈ বিনা অনুমতিত গোপনে অন্য লোকক বিক্ৰী কৰে।

Advertisment

অভিযোগ অনুসৰি, ইতিমধ্যে ১০-১২ জোপা গছ কাটি তহিলং কৰিছে। দেওবাৰে স্থানীয় এজন লোকৰ মৃত্যু হোৱাত মৃত লোকজনক শ্মশানলৈ নিওতেই এই গোপন অভিসন্ধিৰ কথা পোহৰলৈ আহে।

এখন টেক্টৰেৰে কাঠৰ কুণ্ডাবোৰ কঢ়িয়াই থকা দেখি স্থানীয় লোকে টেক্টৰখন জব্দ কৰি ৰহা আৰক্ষীক খবৰ দিয়ে। পিচত ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কটা গছবোৰ জব্দ কৰি বন বিভাগক গতাই দিয়ে।

যি সময়ত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে দেশ দহিছে, সেই সময়তে এনেদৰে গোপনে ৰাজহুৱা বন ধ্বংস কাৰ্যত নামিছে অৰবিন্দ পাটৰ আৰু সহযোগীসকল। এনে দুষ্কৃতিকাৰীক উচিত শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Also Read: দিল্লী অগ্নিকাণ্ড ট্ৰেজেডীঃ নিহত ৭ নৱজাতক

raha