কাইলে অৰুণাচল-ছিকিমত বিধানসভা নির্বাচনৰ ভোটগণনা....

কাইলে অৰুণাচল-ছিকিমত বিধানসভা নির্বাচনৰ ভোটগণনা....

ডিজিটেল ডেস্কঃ দেওবাৰে অৰুণাচল প্রদেশ আৰু ছিকিম বিধানসভা নির্বাচনৰ ভোট গণনা। ৰাজ্য দুখনত ইতিমধ্যে প্রস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই দুয়োখন ৰাজ্যত ২ জুনত অন্ত পৰিব বিধানসভাৰ কাৰ্যকালৰ।

উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচন যোৱা ১৯ এপ্রিলত অনুষ্ঠিত হৈছিল। দেওবাৰে বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা ৪ জুনত হ'ব।

অৰুণাচল প্রদেশত ২৪টা ভোট গণনা কেন্দ্র স্থাপন কৰা হৈছে আৰু ২হাজাৰৰো অধিক নির্বাচনী বিষয়া গণনা প্রক্রিয়াত জড়িত হ'ব বুলি জানিব পৰা হৈছে। ভোটগণনা উপলক্ষে ২-৪ জুনত ৰাজ্যখনত ড্রাই ডে ঘোষণা কৰা হৈছে।

উল্লেখযোগ্য যে, অৰুণাচল প্রদেশত ৬০খন বিধানসভা আসন আছে আৰু বিজেপিয়ে ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে ১০খন আসনত জয়লাভ কৰিছে। আনফালে ছিকিমত ৩২খন বিধানসভা আসনৰ বাবে নির্বাচন অনুষ্ঠিত হৈছে।

দেওবাৰে পুৱা ৬বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা প্ৰক্ৰিয়া। প্রথমে পোষ্টেল বেলট আৰু ইলেকট্রনিকভাৱে প্রেৰণ কৰা বেলটৰ ভোটগণনা কৰা হ'ব। ইয়াৰ পাছত ৬.৩০বজাৰ পৰা ই ভি এমৰ ভোটগণনা আৰম্ভ হ'ব।

কাইলে অৰুণাচল-ছিকিমত বিধানসভা নির্বাচনৰ ভোটগণনা....
কন্দলীত বন্যহস্তী আক্ৰমণত মৃত্যু কিশোৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in