/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7cdf5160-c4ca-47e0-92e3-f04258e93122/319.jpg)
ডিজিটেল সেৱা,কঠীয়াতলী : নগাঁও আৰ ডি মটৰৰ্চে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। ১১৯ বৰ্ষ গৰকা শ্ৰীমতী কৃষ্ণাদেৱী আগৰৱালা প্ৰাথমিক বিদ্যালয়লৈ শিশু উদ্যান আৰু খেলৰ সামগ্ৰী প্ৰদান কৰে।
শুকুৰবাৰে বিদ্যালয়ৰ সন্মুখত স্থাপন কৰা শিশু উদ্যানখন বন্তি প্ৰজ্বলন আৰু ফিটা কাটি উন্মোচন কৰে কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শংকৰ চেত্ৰীয়ে। শিশু ফলক অনাবৰণ কৰে বিদ্যালয়ৰ প্ৰাক্তন সভাপতি টংকেশ্বৰ বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0f34e23d-0bb2-41e2-9228-952bb70e6d55/5bb08a4c_3202_4dc6_ae4a_2389f4b25a7a.jpg)
শিক্ষা বিষয়া শংকৰ চেত্ৰীয়ে আৰ ডি মটৰৰ্চৰ স্বত্বাধিকাৰী আৰু পৰিয়ালবৰ্গৰ সমাজসেৱাৰ জৰিয়তে ২০২৪ বৰ্ষত ২৫ খন বিদ্যালয়ত এনেদৰে উদ্যান স্থাপনৰ উদ্যোগ লোৱাৰ বাবে ধন্যবাদ জনায়।
আৰ ডিৰ আইন উপদেষ্টা প্ৰদীপ কাহাৰে আঁচনি সফল ৰূপায়নৰ বাবে ইতিমধ্যে ৬ খন বিদ্যালয়ত সা- সজুঁলি প্ৰদান কৰে বুলি প্ৰকাশ কৰে। মুখ্য সঞ্চালিকা ৰশ্মি আগৰৱালা আৰু ধৰিত্ৰী শৰ্মাৰ লগতে অনুষ্ঠানত অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানটো সুন্দৰভাৱে আঁত ধৰে সহকাৰী শিক্ষয়িত্ৰী ববিতা শৰ্মাই।
Also Read: আকৌ অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে : লাখপতি বাইদেউৰে কৰিব মত-বিনিময়