/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c1db2f69-c76b-41ef-bafa-4050a7bf349f/318.jpg)
ডিজিটেল ডেস্ক : অসম ভ্ৰমণৰ কাৰ্য্যসূচী হাতত লৈ আকৌ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ কৰিব মোডীয়ে। এই খবৰ জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
শুকুৰবাৰে শদিয়াত অনুষ্ঠিত এক চৰকাৰী কাৰ্য্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, প্ৰায় এমাহৰ অন্তত প্ৰধামন্ত্ৰী মোডীয়ে পুনৰ অসম ভ্ৰমণ কৰিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে অহা ৯ মাৰ্চত যোৰহাট লৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। এই কাৰ্য্যসূচীত তেওঁ লাখপতি বাইদেউসকলৰ সৈতে মত-বিনিময় কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/14610cf5-7b0f-4874-8021-d068cdad6aeb/409128883_976036687219365_3761033269033885426_n.jpg)
উল্লেখ্য যে, চলিত বৰ্ষৰ ৩ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে মা কামাখ্যাৰ পূণ্যভূমিত পদাৰ্পণ কৰিছিল প্ৰধানমন্ত্ৰী মোডী। অংশগ্ৰহণ কৰিছিল ভালেকেইটা গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত। খানাপাৰাত ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a9a7a1ba-c042-4f7a-8167-84d6b8c75383/408980464_976037977219236_3248250886907802013_n.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শদিয়াত ১১৬ কোটি আৰু ডুমডুমাত ৮০ কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা কল্যাণমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ইয়াৰোপৰি 'মিছন বসুন্ধৰা ২.০'ৰ অধীনত খিলঞ্জীয়া পৰিয়ালৰ মাজত ১৯,০০০ৰো অধিক ভূমি পট্টা বিতৰণ কৰে।
Also Read: ধোনীৰ চহৰত জ' ৰুটৰ দায়িত্বশীল শতক : অভিষেক মেচত আকাশদীপৰ ৩টা উইকেট