/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a5fcb82a-41ab-451d-ab8c-002ba10a60d7/Quiz.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ নমাটি গাঁৱৰ শ্ৰীশ্ৰী শংকৰদেৱ পুথিভঁড়াল আৰু সামূহিক কেন্দ্ৰৰ উদ্যোগত এ বি আৰ চি ফাউণ্ডেশ্যনৰ সহযোগত দেওবাৰে এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নমাটি গাঁৱৰ সমূহীয়া ভৱনত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই।
সদৌ অসম ভিত্তিত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ শেষত এ বি আৰ চি ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক অংকুৰ কলিতাই বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ, নগদ ধনৰ টোপোলাৰে পুৰস্কৃত কৰে। ৰাজুমনি ডেকাই আঁত ধৰা অনুষ্ঠানটিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন সমিতিৰ সভাপতি নীল বৰুৱা, কাৰ্যকৰী সভাপতি ৰমেন চন্দ্ৰ বৰুৱা, যুটীয়া সম্পাদক মানস জ্যোতি বৰুৱা, নীলকমল বৰা, গৌৰি শংকৰ বৰুৱা, প্ৰাঞ্জল ডেকাকে আদি কৰি নমাটি গাঁৱৰ ৰাইজ সকল উপস্থিত থাকে। উল্লেখ্য নিশালৈ 'বলিদান' শীৰ্ষক নাটক পৰিৱেশন কৰে স্থানীয় শিল্পীয়ে।
Also Read: পাকিস্তানত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ: নিহত....
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us