পাকিস্তানত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ: নিহত....

পাকিস্তানত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ: নিহত....

ডিজিটেল ডেস্ক : পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰাদেশিক ৰাজধানীত শিখ সম্প্ৰদায়ৰ ওপৰত হোৱা দ্বিতীয় আক্ৰমণত নিহত হয় এজনলোক। শনিবাৰে কাক্সাল এলেকাত অচিনাক্ত সশস্ত্ৰ লোকে গুলীচালনা কৰি হত্যা কৰা লোকজন মনমোহন সিং বুলি চিনাক্ত কৰা হৈছে।

ৰাজধানী চহৰখনৰ আৰক্ষীৰ এজন মুখপাত্ৰই শনিবাৰে নিশা প্ৰকাশ কৰা অনুসৰি, ৩৪ বছৰীয়া মনমোহন সিঙে শনিবাৰে সন্ধিয়া এখন অটো-ৰিক্সাত ঘৰলৈ গৈ থকা মুহূৰ্তত অচিনাক্ত সশস্ত্ৰ লোকে তেওঁৰ ওপৰত গুলীচালনা কৰে। ভুক্তভুগী সিঙক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও ইতিমধ্যেই মৃত্যুবৰণ কৰিছিল সিঙে।

ঘটনাৰ পাছতেই জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু অনুসন্ধানকাৰী দলে চিচিটিভি ফুটেজ আৰু অন্যান্য প্ৰমাণ সংগ্ৰহ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ সমান্তৰালভাবে পাৰ্শ্বৱৰ্তী এলেকাত তালাচী অভিযানো চলাইছিল যদিও সফল হোৱা নাই পাকিস্তান আৰক্ষী।

উল্লেখ্য যে, এই ঘটনাৰ এদিন পূৰ্বেও প্ৰাদেশিক ৰাজধানীৰ ডাবগাৰী অঞ্চলত আন এজন শিখক গুলীয়াই আহত কৰা হৈছিল। দুদিনৰ ভিতৰত সংঘটিত হোৱা দ্বিতীয়টো ঘটনাই স্থানীয় লোকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। অচিনাক্ত সশস্ত্ৰ লোকে গুলীবিদ্ধ কৰা আনজন ভুক্তভোগী হ'ল মাখন সিং নামৰ লোকজনৰ পুত্ৰ তৰলুগ সিং। তৰলুগৰ ভৰিত গুলীৰে আহত কৰাৰ কথা ইতিমধ্যেই সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

পূৰ্বেও শিখসকলৰ ওপৰত এনে আক্ৰমণ হোৱা ঘটনাৰ পিছতে চলিত বছৰটোত পাকিস্তানত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ হোৱা এয়া তৃতীয়টো ঘটনা। আনহাতে যোৱা মাহত আক্ৰমণকাৰীয়ে লাহোৰৰ পূব চহৰত গুলীচালনা কৰি চৰ্দাৰ সিং নামৰ আন এজন লোকক হত্যা কৰিছিল। ৬৩ বছৰীয়া সিঙে মূৰত গুলীবিদ্ধ হৈ কৰুণ মৃত্যুক সাৱতি লৈছিল।

স্থানীয় লোকৰ ভাষ্য অনুসৰি বহুবাৰ শিখসকলৰ ওপৰত হোৱা এনে আক্ৰমণৰ ঘটনাই পাকিস্তানৰ শিখ সম্প্ৰদায়ৰ লোকসকললৈ ভাবুকি কঢ়িয়াই আনিছে।

পাকিস্তানত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ: নিহত....
বুৰঞ্জীবিদ তৰুণ গগৈক 'বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in