কঠীয়াতলী শিক্ষাখণ্ডৰ ব্যৱস্থাপনাত খণ্ড পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা

কঠীয়াতলী শিক্ষাখণ্ডৰ ব্যৱস্থাপনাত খণ্ড পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
কঠীয়াতলী শিক্ষাখণ্ডৰ ব্যৱস্থাপনাত খণ্ড পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ ব্যৱস্থাপনাত অনুষ্ঠিত হয় খণ্ড পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা। সমগ্ৰ শিক্ষা অভিযান মিছন অসমৰ অধীনত এই খণ্ড পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Advertisment

কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকসহ মুঠ ৪২ খন বিদ্যালয়ৰ মাজত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে কঠীয়াতলী শিক্ষা খণ্ডৰ সহপৰিদৰ্শক শংকৰ চেত্ৰীয়ে।

অনুষ্ঠানত উপস্থিত থাকে কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিৰু বৰা, বিশিষ্ট অতিথি ঘনকান্ত বৰা, নজিবুৰ ৰহমান, কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সন্ধ্যা বেজবৰাৰ লগতে শিক্ষা খণ্ডৰ বিষয়-ববীয়া সকল। অনুষ্ঠানৰ আঁত ধৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক মতিউৰ ৰহমানে।

Also Read: পিতৃৰ চুৰিকাঘাতত আহত পুত্ৰ

quize compitition