/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/83d1e108-681f-4d51-b18b-54e516391d7e/11.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ ডিফলুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পিতৃয়ে চুৰিৰ হানি আঘাতপ্ৰাপ্ত কৰিলে নিজ পুত্ৰক ৷ পিতৃৰ চুৰিকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আহত পুত্ৰ চিন্ময় বৰা বৰ্তমান চিকিৎসাধীন হৈ আছে নগাঁও চিকিৎসা মহাবিদ্যালয়ত৷
নগাঁৱৰ ডিফলুৰ শিশুৰাম বৰা নামৰ নৃংশস পিতৃজনে সংঘটিত কৰে এই ঘটনা ৷ মঙলবাৰে পিতৃ শিশুৰামে পুত্ৰ চিন্ময়ক পেট আৰু মূৰত চুৰিৰে গুৰুতৰভাৱে আঘাত কৰে।
এই ঘটনাৰ সন্দৰ্ভত চিন্ময়ৰ মাতৃয়ে ইটাচালি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে পিতৃ শিশুৰামক বিচাৰি অভিযান চলাই আছে যদিও পলাতক পিতৃ শিশুৰাম বৰা৷ জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ ফলতেই এই ঘটনা সংঘটিত হয়।
Also Read: সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ