বিদেশী আন্দোলনৰ নীৰৱ কৰ্মী তথা ৮০ ৰ দশকৰ জনপ্ৰিয় ক্ষুদ্ৰ ব্যৱসায়ী পুতু দোকানী আৰু নাই

অসম আন্দোলনৰ নীৰৱ কৰ্মী তথা ৮০ ৰ দশকত তেতিয়াৰ উৰিয়াগাঁও চাৰিআলি অতিকে জনপ্ৰিয় আৰু পৰিশ্ৰমী ক্ষুদ্ৰ ব্যৱসায়ী পুতু বৰাৰ মৃত্যু হৈছে।

author-image
Asomiya Pratidin
New Update
বিদেশী আন্দোলনৰ নীৰৱ কৰ্মী তথা ৮০ ৰ দশকৰ জনপ্ৰিয় ক্ষুদ্ৰ ব্যৱসায়ী পুতু দোকানী আৰু নাই

ডিজিটেল ডেস্ক: অসম আন্দোলনৰ নীৰৱ কৰ্মী তথা ৮০ ৰ দশকত তেতিয়াৰ উৰিয়াগাঁও চাৰিআলি অতিকে জনপ্ৰিয় আৰু পৰিশ্ৰমী ক্ষুদ্ৰ ব্যৱসায়ী পুতু বৰাৰ মৃত্যু হৈছে। বিগত ৪ বছৰৰো অধিক কাল বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা পুতু বৰাৰ আজি সন্ধিয়া প্ৰায় ৬ বজাত মৃত্যু হয়।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে নগাঁও বাইপাছ নিৰ্মাণৰ ফলত উৰিয়াগাঁও চাৰিআলিৰ অন্যান্য দোকানী সকলৰ লগতে পুতু বৰাৰ পাণ দোকানো উচ্ছেদ হৈছিল। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত চতুৰ্থ বৰ্গৰ চাকৰি কৰা পুতুৰ জ্য়েষ্ঠ ভাতৃ ধৰ্মেশ্বৰ বৰাৰ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হৈছিল। তাৰ পাছৰে পৰা মানসিকভাৱে ভাগি পৰা পুতু আৰ্থিক অনাটনতো ভুগি আছিল।

কৃষি কৰ্মৰ বাহিৰে মূল উপাৰ্জনৰ পথ দোকানখন বন্ধ হৈ যোৱাৰ পাছত উচ্চ ৰক্তচাপ আৰু স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছিল ক্ষুদ্ৰ ব্যৱসায়ী গৰাকী । মানসকিভাৱেও দুৰ্বল হৈ পৰাত পুতু বিগত কেইবাবছৰ ধৰি এসময়ৰ অতিকে পৰিশ্ৰমী লোক জন অথৰ্বপ্ৰায় হৈ পৰে।

৬১ বছৰ বয়সত মৃত্যুক আঁকোৱালী লোৱা পুতু বৰাই উচ্চতৰ মাধ্যমিকত পঢ়ি থকা তেওঁৰ একমাত্ৰ কন্যা সন্তান আৰু পত্নীক এৰি থৈ গৈছে। প্ৰণিধানযোগ্য যে অসম আন্দোলনৰ কালচোৱাত পুতুৰ দোকানখন অঞ্চলটোৰ সকলোৰে বাবে সংযোগস্থল ৰূপে ব্যৱহৃত হৈছিল।

তেওঁৰ অমায়িক আচৰণে সকলোকে সন্মোহিত কৰাৰ লগতে পুৱা ৪ বজাতে উঠি গা পা ধুই দোকানৰ সন্মুখত থকা শিৱ মন্দিৰত চাকি জ্বলাইছিল। ব্যতিক্ৰমী মানসিকতাৰ ব্যৱসায়ী জনৰ টেপ ৰেকৰ্ডাৰ চাউণ্ড বক্সত বাজি উঠা লোক গীতৰ শব্দতহে আন দোকানী অথবা এলেকাটোৰ আৱাসী সকলে সাৰ পাইছিল।

আজি তেওঁৰ মৃত্য়ুৰ খবৰ বিয়পি পৰাৰ লগে লগে সেই সময়ত অসম আন্দোলনৰ সৈতে জড়িত সকলক শোকস্তব্ধ কৰাৰ উপৰি উৰিয়াগাঁও,চুতীয়া গাঁও, পহু কটা, ভোটাই গাঁও আদি অঞ্চলত শোকৰ ছা পৰে। চুবুৰীয়া কেওখন গাঁৱৰ বৃহৎ সংখ্যক লোক তেওঁৰ চুতীয়াগাঁও স্থিত ঘৰত উপস্থিত হয়। এই সকলৰ ভিতৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াৰ উপৰি উৰিয়াগাঁও আঞ্চলিক সমিতিপ সদস্য সকল , ছাত্ৰ সন্থা, ক্ষুদ্ৰ ব্যৱসায়ী সন্থা , উন্নয়ন সমিতি আদিৰ কৰ্মকৰ্তা সকলো তেওঁৰ বাসগৃহত উপস্থিত হয়। নিশা প্ৰায় ৯ বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

Also Read: গুৱাহাটীৰ উন্মুক্ত নলাই মাতিছে ভয়াৱহ বিপদ: শৰণীয়াত পাৰিষদৰ ঘৰৰ কাষতে নলাত সোমাল স্ক'ৰপিঅ'