গুৱাহাটীৰ উন্মুক্ত নলাই মাতিছে ভয়াৱহ বিপদ: শৰণীয়াত পাৰিষদৰ ঘৰৰ কাষতে নলাত সোমাল স্ক'ৰপিঅ'

নলাৰ ওপৰত থকা পকী ঢাকনি উঠাই নলাৰ আৱৰ্জনা খান্দি উলিয়াই অনাৰ দৃশ্য গুৱাহাটীৰ বিভিন্ন স্থানত দেখা গৈছে। তাৰ মাজতে অৱশ্যে বিভিন্ন স্থানত পূৰ্বৰে পৰা আছে উন্মুক্ত নলা।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ উন্মুক্ত নলাই মাতিছে ভয়াৱহ বিপদ: শৰণীয়াত পাৰিষদৰ ঘৰৰ কাষতে নলাত সোমাল স্ক'ৰপিঅ'

ডিজিটেল ডেস্ক: মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ নামত এতিয়া নলা, নৰ্দমা পৰিস্কাৰ কৰি থকা হৈছে। নলাৰ ওপৰত থকা পকী ঢাকনি উঠাই নলাৰ আৱৰ্জনা খান্দি উলিয়াই অনাৰ দৃশ্য গুৱাহাটীৰ বিভিন্ন স্থানত দেখা গৈছে। তাৰ মাজতে অৱশ্যে বিভিন্ন স্থানত পূৰ্বৰে পৰা আছে উন্মুক্ত নলা।

Advertisment

এনে উন্মুক্ত নলাৰ বাবেই ইতিমধ্যে বিগত বাৰিষাৰ সময়ছোৱাত সংঘটিত হৈছে বহু দুৰ্ঘটনা। কিন্তু এইবাৰ এনে উন্মুক্ত নলাই এই খৰালিতে সংঘটিত কৰিলে এক দুৰ্ঘটনা। গুৱাহাটীৰ শৰণীয়া পাহাৰৰ নামনিৰ কালি মন্দিৰৰ কাষতে এখন স্ক'ৰপিঅ' বাহন এনে উন্মুক্ত নলাত সোমাই পৰাত ক্ষতিগ্ৰস্ত হ'ল বিলাসী বাহনখন।

অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হাতহতি হোৱা নাই। মঙলবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ মূল কাৰণ উন্মুক্ত নলা‌। জানিব পৰা মতে বছৰ বছৰ ধৰি কালি মন্দিৰৰ সমীপৰ পথৰ কাষত উন্মুক্ত হৈ আছে নলা। এই উন্মুক্ত নলাটোত পকী ঢাকনি লগাবলৈ বিগত বছৰবোৰত স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই।

স্থানীয় ৰাইজৰ দাবীৰ ভিত্তিতে মাজে সময়ে নলাটো পৰিদৰ্শন কৰিবলৈ আহি জি এম চিৰ একাংশ কৰ্মচাৰীয়ে জোখ-মাখ লয় যদিও কাৰ্যতঃ সকলো ফুটুকাৰ ফেনত পৰিণত হয়। একমাত্ৰ জি এম চিৰ অমনোযোগিতাৰ বাবেই উন্মুক্ত হৈ আছে এই নলাটো।

উল্লেখ্য যে এই উন্মুক্ত নলাটোৰ পৰা নাতি দূৰতে আছে ৩৬ নং ৱাৰ্ডৰ পাৰিষদ মেঘনা হাজৰিকাৰ বাসগৃহ। তৎস্বত্বেও এই গুৰুত্বপূৰ্ণ পথটোৰ উন্মুক্ত নলাৰ ঢাকনিৰ ব্যৱস্থা কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয় বুলি স্থানীয় লোকে মন্তব্য কৰিছে।।

Also Read: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল!

guwahati