পুৰণিগুদামত সুৰামত্ত চালকে সৃষ্টি কৰিলে তাণ্ডৱ...

পুৰণিগুদামত সুৰামত্ত চালকে সৃষ্টি কৰিলে তাণ্ডৱ...
পুৰণিগুদামত সুৰামত্ত চালকে সৃষ্টি কৰিলে তাণ্ডৱ...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে বিয়লি নগাঁৱৰ পুৰণিগুদামত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষাৰ সজাগতা সভা সম্বোধন কৰি যোৱাৰ কিছু সময়ৰ পিছতেই ধোঁৱাচাঙত উঠিলপথ সুৰক্ষা। সুৰমত্ত ট্ৰাক চালকে পুৰণিগুদামত চলালে দৌৰাত্ম্য।

ফলত পুৰণিগুদামৰ নলবৰা গাঁৱত ট্ৰাকসহ চালকক ৰাইজে কৰিলে আবদ্ধ। উল্লেখ্য যে, নগাঁৱৰ FCI গুদামৰ পৰা চলচলি সমবায় সমিতিলৈ চাউলৰ বস্তা কঢ়িয়াই আনিছিল এখন ট্ৰাকে। তেনেতে গড়মুৰ-চাপানালা সংযোগী পথত নিয়ন্ত্ৰণহীনভাৱে ট্ৰাকখন সুৰামত্ত চালকজনে চলাই অনাত সৃষ্টি হয় অনাকাংক্ষিত পৰিস্থিতিৰ।

অভিযোগ অনুসৰি ট্ৰাকখনৰ স্বত্বাধিকাৰীগৰাকীয়ে সকলো জানি-বুজিও সুৰামত্ত অৱস্থাতে ট্ৰাকখন চলাবলৈ অনুমতি প্ৰদান কৰিছিল ধৃত চালকজনক। পৰিস্থিতি উত্তেজিত হৈ পৰাত কিছু সময়ৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় পুৰণিগুদাম আৰক্ষী। স্থানীয় ক্ষুদ্ধ ৰাইজে ইতিমধ্যে আটক কৰি ৰখা সুৰামত্ত চালকজনক ট্ৰাকসহ গতাই দিয়ে আৰক্ষীক।

পুৰণিগুদামত সুৰামত্ত চালকে সৃষ্টি কৰিলে তাণ্ডৱ...
ধেমাজি বঙ্গালমাৰিৰ ভাওনাৰ বাৰ্ষিক সোণালী জয়ন্তীৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in