/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/04aa5477-685e-4b3a-9e88-64c4cdbbed80/DHEMAJI_26.jpg)
ধেমাজি বঙ্গালমাৰিৰ ভাওনাৰ বাৰ্ষিক সোণালী জয়ন্তীৰ সফল সামৰণি...
ডিজিটেল সংবাদ ধেমাজিঃ সোমবাৰৰ পৰা দুদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বঙ্গালমাৰি গাওঁৰ বাৰ্ষিক ভাওনাৰ সোণালী জয়ন্তী মঙ্গলবাৰে সফল সামৰণি পৰে। মঙ্গলবাৰে পুৱা ৯ বজাত বঙ্গালমাৰি গাওঁৰ সমূহ ভকত-বৈষ্ণৱসকলৰ দ্বাৰা নাম প্ৰসংগ কাৰ্য্যসূচীৰে শেষদিনৰ কাৰ্য্যসূচী শুভাৰম্ভ হয় ৷
বিয়লি ২ বজাত বঙ্গালমাৰি গাওঁৰ বাৰ্ষিক ভাওনাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি দীপ কুমাৰ দিহিঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনি উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱাই ৷
মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাওনা সংস্কৃতিৰ বিষয়ে বৰ্ণনা কৰি ভাওনাই সমাজৰ সকলোকে একত্ৰিত কৰি বান্ধি ৰাখিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য ব্যাখ্যা কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে ৷
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই নিজৰ বক্তব্যত কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা সংস্কৃতি অসম আৰু অসমীয়াৰ বাবে অমৰ সৃষ্টিৰাজি। তেওঁ নামঘৰক সামাজিক ন্যায়লয় বুলিও কয়।
সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰাতুল বৰগোহাঁই আৰু সদৌ অসম ছাত্ৰ সন্হাৰ সহকাৰী সম্পাদক দীপক শৰ্মা বিশিষ্ট অতিথি হিচাপে থাকি ভাষণ প্ৰদান কৰে ৷ নিশালৈ নিলখ নাট্য গোষ্ঠিৰ দ্বাৰা প্ৰদৰ্শিত হয় নৃসিংহ অৱতাৰ।
Also Read: দীপাংকৰ গগৈৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত DGPয়ে ঘোষণা কৰা তদন্তক লৈ প্ৰতিক্ৰিয়া...