নগাঁৱত শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশলৈ অৱদান আগবঢ়োৱা চাৰি পুৰোধা ব্যক্তিক ৰাজহুৱা সন্মান

নগাঁৱত শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশলৈ অৱদান আগবঢ়োৱা চাৰি পুৰোধা ব্যক্তিক ৰাজহুৱা সন্মান

ডিজিটেল সংবাদ, নগাঁও : বৃহত্বৰ উৰিয়াগাঁৱৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশত জীৱনজোৰা সাধনা আগবঢ়োৱা চাৰি গৰাকী বৰন্য ব্যক্তিক ৰাজহুৱা সন্মান প্ৰদান কৰা হয় ৷ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, উৰিয়াগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই সন্মান প্ৰদান অনুষ্ঠান ৷

বৃহত্বৰ উৰিয়াগাঁও অঞ্চলৰ লগতে জিলা খনৰে নহয় সমগ্ৰ ৰাজ্যৰে এক পৰিচিত নাম হৈছে প্ৰসন্ন কুমাৰ গোস্বামী, অকন চন্দ্ৰ বৰা, জীৱন শইকীয়া আৰু বেদানন্দ মহন্ত ৷ নৱ প্ৰজন্মৰ বাবে শৈক্ষিক, সামাজিক, সাংস্কৃতিক আদি দিশত এক সুস্থিৰ পৰিৱেশ গঢ়োতা এই পুৰোধা ব্যক্তি কেইগৰাকীক আনুষ্ঠানিক ভাবে ৰাজহুৱাভাৱে সন্মান প্ৰদান কৰা হয় ৷

পোন প্ৰথমে ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ, সংস্কৃত পণ্ডিত, শিক্ষাবিদ, সাহিত্যিক প্ৰসন্ন কুমাৰ গোস্বামীৰ বাসভৱনত প্ৰথমখন সভা অনুষ্ঠিত হয় ৷ গোস্বামীৰ কৰ্মময় জীৱনক সোঁৱৰণ কৰি বিহুৱান, শৰাই, চেলেঙ, সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় ৰাজহুৱাভ‍াৱে ৷ ইয়াৰ পিছতে উৰিয়াগাঁও নিকামূল সত্ৰৰ নিবাসী অকন চন্দ্ৰ বৰাক ৰাজহুৱা সন্মান প্ৰদান কৰা হয় ৷ শিক্ষাবিদ বৰাৰ বাসভৱনত উপস্থিত হৈ তিনিওটিকৈ সংগঠনে শিক্ষাবিদ অকন চন্দ্ৰ বৰাক বিহুৱান, চেলেঙ, শৰাই, সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰে ৷ ইফালে ভোটাই গাঁৱৰ নিবাসী শিক্ষাবিদ, শিল্পী জীৱন শইকীয়াক ৰাজহুৱা সন্মান জনোৱা হয় ৷

শেষত ভোটাইগাঁও শ্ৰী শ্ৰী নগঞাঁ এলেঙী বালি সত্ৰত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধি আৰু ৰাইজ উপস্থিত হয় ৷ সত্ৰাধিকাৰ, শিক্ষাবিদ, সমাজসেৱক বেদানন্দ মহন্তৰ বাসভৱনত ৰাইজ উপস্থিত হৈ ৰাজহুৱাভাৱে সন্মান প্ৰদান কৰা হয় ৷

বৰগীত পৰিৱেশনৰে অনুষ্ঠানটি অনুষ্ঠিত হয় ৷ মহন্তৰ বাসগৃহত অনুষ্ঠিত সভাখনিত বিহুৱান, চেলেঙ, শৰাই, সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰে ৷ ৰাজহুৱা সন্মান প্ৰদান অনুষ্ঠানটি নাৰায়ন বনিয়া, কমলেশ শইকীয়া, পীতাম্বৰ শইকীয়া, পদুম বৰুৱা, প্ৰাগজ্যোতিষ বনিয়া, ৰাজ হাজৰিকা আদি উপস্থিত থাকি পুৰোধা ব্যক্তি চাৰিওজনৰ কৰ্মময় জীৱন ওপৰত আলোকপাত কৰে ৷

নগাঁৱত শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশলৈ অৱদান আগবঢ়োৱা চাৰি পুৰোধা ব্যক্তিক ৰাজহুৱা সন্মান
ডুমডুমীয়াৰ পাটিয়া চাপৰিৰ পৰা ২৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ তিনি জনক আটক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in