ডিজিটেল সংবাদ, কামপুৰ: এ পি ডি চি এলে স্মার্ট মিটাৰৰ নামত চলোৱা লুন্ঠন, চৰম অনিয়মীয়া বিদ্যুৎ যোগান আদিৰ বিৰুদ্ধে বুধবাৰে কামপুৰত পাঁচ সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্রাম সমিতি, কামপুৰ আঞ্চলিক যুৱ সমাজ, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, বীৰ লাচিত সেনা, ৰাইজৰ দল, প্রাক্তন ছাত্র সমন্বয় ৰক্ষী সমিতিৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কামপুৰ কেন্দ্রীয় ৰাস পথাৰত যথেষ্ট সংখ্যক প্রতিবাদী ৰাইজ সমবেত হয়। প্রতিবাদকাৰীসকলে কামপুৰ নগৰৰ মাজেৰে এক প্রতিবাদী সমদল বাহিৰ কৰে।
প্রতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, স্মাৰ্ট মিটাৰ বন্ধ কৰক, এ পি ডি চি এল মুর্দাবাদ, বিদ্যুৎ মোগান নিয়মীয়া কৰক আদি প্রতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পিছত প্রতিবাদকাৰীসকল কামপুৰ বিদ্যুৎ বিভাগৰ কার্যালয়ত উপস্থিত হোৱাত আৰক্ষীয়ে বাধা প্রদান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। তাতেই প্ৰতিবাদকাৰী সকলে এক প্রতিবাদী সভা অনুষ্ঠিত কৰে। প্রতিবাদী সভাত পাঁচ সংগঠনৰ নেতা ৰাজু বৰা, নীলমণি শইকীয়া, বিশ্ব দাস,পৰাগ লস্কৰ, প্রকাশ বৰুৱা, অমিয় বৰা, প্রকাশ ভূঞা, সত্য বৰা, স্বপন হাজৰিকাকে ধৰি কেবাজনো নেতাই কামপুৰত কোনো কাৰণতে স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ দিয়া নহব বুলি সকীয়াই দি পুৰণা মিটাৰ বাহাল ৰাখিবলৈ দাবী জনায়।
প্রতিবাদী সভাত বানপীড়িত কামপুৰ অঞ্চলত স্মাৰ্ট মিটাৰ সংযোগ কৰিবৰ বাবে বিদ্যুৎ বিভাগৰ ঠিকাদাৰ পক্ষই গাৱে-ভূঁঞে সোমাই পৰি ৰাইজক ভীতিগ্রস্ত কৰি তোলা কাৰ্য্য শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়। অন্যথা কামপুৰৰ ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্র প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে। আজি প্রতিবাদস্থলীত বিদ্যুৎ বিভাগৰ বিষয়া উপস্থিত হোৱাত প্রতিবাদকাৰী সকলৰ সৈতে কথাৰ কটা-কটি হয় যদিও পিছত পৰিস্থিতি নিয়ন্ত্রণ হয়। প্রতিবাদকাৰী সকলে তিনিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে নগাঁও জিলাৰ আয়ুক্ত আৰু কঠীয়াতলী বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াক প্ৰদান কৰে।