বড়োলেণ্ডৰ শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণি ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

বড়োলেণ্ডৰ শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণি ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ডৰ শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণি ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, বাক্সা: বাক্সা জিলাৰ বৰমা প্ৰাথমিক বড়ো সাহিত্য সভা কাৰ্য্যালয়ৰ প্ৰাঙ্গণত বুধবাৰে বড়োলেণ্ডৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী সোৱৰণী ৰাজহুৱা পেক্ষাগৃহৰ আনুষ্ঠানিকভাৱে স্থাপন কৰে৷ গৃহটোৰ মূল খুঁটা স্থাপনৰ শুভ উদ্বোধন কৰে বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে ৷

Advertisment

৮৯ লাখ টকাৰে সাজিব লগিয়া বড়োলেণ্ডৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী সোৱৰণী ৰাজহুৱা পেক্ষাগৃহৰ মূল খুঁটা স্থাপনত বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি অনছুমা বড়ো, উপ সভাপতি শ্যামল বসুমতাৰী, সাধাৰণ সম্পাদক মহন্ত বড়োৰ লগতে সদস্য বৃন্দ, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়ো, উপ সভাপতিদ্বয় গুনাৰাজা বসুমতাৰী- খ্ৰৌমসাৰ বসুমতাৰী, সম্পাদক গণপতি স্বৌৰাং বড়ো, প্ৰাক্তন সভাপতি গদাধৰ বড়োৰ লগতে স্থানীয় লোকসকলে উপস্থিত থাকে ৷

উল্লেখ্য যে যোৱা ৪ আগষ্টত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাবে বড়োলেণ্ডৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী সোৱৰণী ৰাজহুৱা সভা গৃহতোৰ আধাৰশিলা উদ্ধোধন কৰিছিল ৷

Also Read: গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি চাবুৱাৰ ৰহমৰীয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

baksa