/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5ac21aec-319e-4ac7-ba13-0ea8a25c57fc/nagaon_10.jpg)
সাংবাদিক আক্ৰমণত জড়িত ৰাজনৈতিক ঠিকাদাৰক ক্ষমা খোজাৰ দাবীৰে নগাঁৱত প্ৰতিবাদ...
ডিজিটেল সংবাদ নগাঁওঃ নগাঁও জিলাত ব্যাপক হাৰত উলংঘন হৈছে এনৰেগা আইন। জিলাখনৰ আন উন্নয়ন খণ্ডসমূহৰ নিচিনাকৈ নগাঁৱৰ সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া উন্নয়নখণ্ডৰ ডাকৰঘাট পঞ্চায়ততো এম জি এনৰেগা আঁচনিৰ ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
উত্থাপিত অভিযোগ অনুসৰি, পাখিমৰীয়া উন্নয়ন খণ্ডৰ ডাকৰঘাট গাঁও পঞ্চায়তৰ এলেকাধীন নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মধুপুৰত খাগৰিজান কলেজৰ খেলপথাৰ, মধুপুৰ শ্মশান (পুলিচ আউট প'ষ্ট)ৰ কাষত পতিত মাটি উন্নয়নৰ নামত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত ৪৯ লাখ ৯৪ হেজাৰ টকাৰ প্ৰাককলন প্ৰজেক্ট প্ৰস্তুত কৰি সেই বিশাল পুঁজিৰ অনুমোদন জনোৱা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2eabc66f-d39a-4374-bb16-f3dec684db74/2a804ec4_5ce9_4b9a_94da_b3322c4847b6.jpg)
আঞ্চলিক পঞ্চায়তৰ এই আঁচনিখনৰ বাবে আবণ্টিত ধনৰ ১৮,০৪,৮৬৪ টকা শ্ৰমিকৰ মজুৰিৰ শিতানত আৰু ৩৯,৮৯,১৩৬ টকা সামগ্ৰীৰ শিতানত নিৰ্ধাৰণ কৰা হৈছিল।এনৰেগাৰ ২০২১-২০২২ বৰ্ষৰ এই আঁচনিখনৰ কামৰ আধাৰশিলা বিগত ২০২২বৰ্ষৰ ২৬মাৰ্চত স্থাপন কৰিছিল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ডাকৰঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা নমিতা ভূঞাই।
পঞ্চায়তটোৰ ৰাইজে আশা কৰিছিল প্ৰায় অৰ্ধ লক্ষ টকাৰ এই আঁচনিখনৰ কাম ভালদৰে হ'ব আৰু শতাধিক জৱকাৰ্ডৰ দৰিদ্ৰ শ্ৰমিক উপকৃত হ'ব। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইয়া নহ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/01a9ae2d-6a33-4d08-b985-502fa4a949a5/25ea9fd5_bbc8_4f78_a6a4_feca9da5853a.jpg)
আঁচনিখনৰ ৰূপায়ণৰ নামত দুৰ্নীতিৰ পোহাৰ মেলিলে আঞ্চলিক পঞ্চায়ত সদস্যা নমিতা ভূঞাই । অভিযোগ অনুসৰি,পঞ্চায়তৰ আঞ্চলিক সদস্যা গৰাকীয়ে তেওঁৰ স্বামী ত্ৰৈলোক্য ভূঞাক ঠিকাদাৰ সজাই আঁচনিখনৰ নামত লুন্ঠনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
খাগৰিজান মহাবিদ্যালয়ৰ খেলপথাৰৰ কাষৰ পতিত মাটি উন্নয়নৰ নামত ভাল মাটি পেলোৱাৰ বিপৰীতে নিশাৰ অন্ধকাৰত অতি গোপনে নলা-নৰ্দমা পৰিষ্কাৰ কৰোতে ওলোৱা পলিথিন যুক্ত জাঁবৰ-আবৰ্জনাহে পেলোৱা পৰিলক্ষিত হৈছে। এই কাম আঞ্চলিক সদস্যা নমিতা ভূঞাৰ ঠিকাদাৰ ৰূপী স্বামী ত্ৰৈলোক্য ভূঞাই কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
পতিত মাটি উন্নয়নৰ নামত কৰা এই বহুৱালিৰ স্থানীয় ৰাইজে বাধা প্ৰদান কৰি আহিছে যদিও নিশা গোপনে ট্ৰেক্টৰ লগাই এই জাবৰ দ'ম বোৰ পেলাই আহিছে । স্মৰ্তব্য যে, এম জি এনৰেগা আইন অনুসৰি আঁচনিখনৰ কাম নিশা কৰিব নোৱাৰে, মাটিৰ সলনি জাবৰ পেলাব নোৱাৰে আনকি ট্ৰেক্টৰেৰে মাটি কঢ়িয়াব নোৱাৰে।
কিন্তু এনৰেগা আইন ভংগ কৰি আঁচনিখনৰ কামত এই আটাইবোৰ নীতি বিৰুদ্ধ কাম কৰিছে ডাকৰঘাট গাঁও পঞ্চায়তে। ইপিনে, স্থানীয় একাংশ লোকৰ অভিযোগৰ ভিত্তিত কালি নিশা প্ৰায় ১০ বজাত সংশ্লিষ্ট আঁচনিখনৰ স্থানত উপস্থিত হৈছিলগৈ নগাঁৱৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিকৰ এটা দল ।
স্থানীয় ৰাইজৰ অভিযোগ জলজল পটপটকৈ আৱদ্ধ হৈছিল সাংবাদিকৰ কেমেৰাত। এই কথাতেই খড়্গহস্ত হৈ পৰে ঠিকাদাৰ তথা আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ স্বামী ত্ৰৈলোক্য ভূঞা ।
তেওঁ নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত খৰ্গহস্ত হৈ পৰে। নগাঁও ইলেকট্ৰনিক মিডিয়াৰ একাংশ সাংবাদিকে অভিযোগ কৰা মতে, ভূঞাই সাংবাদিকৰ কেমেৰা ভাঙিবলৈ উদ্যত হোৱাৰ উপৰিও নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বনৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বীৰেণ বৰাক শাৰীৰিকভাৱে অপদস্থ কৰে ।
Also Read: BPF ৰ প্ৰাক্তন বিধায়কৰ ঘৰত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ প্ৰমোদ বড়োৰ বুলি দাবী হাগ্ৰামা মহিলাৰীৰ...
এই ঘটনাৰ পাছত ভুক্তভোগী সংবাদকৰ্মীগৰাকীয়ে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰে। সাংবাদিক বৰাৰ অভিযোগৰ ভিত্তিত কালি নিশাই আৰক্ষীয়ে অভিযুক্ত ত্ৰৈলোক্য ভূঞাক আটক কৰে যদিও আজি পুৱা অভিযোগকাৰীৰ অজ্ঞাতেই মোকলাই দিয়ে।
ইয়াতে ক্ষুন্ন হৈ নগাঁও ইলেকট্ৰনিক মিডিয়া এচ'ছিয়েশ্বনৰ সদস্যসকলে বিয়লি ৪-১৫ বজাৰ পৰা ৫-১৫বজালৈ আৰক্ষী থানাতে অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে, জানিব পৰা মতে, অভিযুক্ত ত্ৰৈলোক্য ভূঞাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এক লিখিত প্ৰতিশ্ৰুতি পত্ৰ প্ৰদান কৰিছে।
ভূঞাৰ স্বাক্ষৰ সম্বলিত এই প্ৰতিশ্ৰুতি পত্ৰখনত তেওঁ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ কথা স্বীকাৰ কৰি তাৰ বাবে অনুশোচনা কৰা আৰু ভৱিষ্যতে আৰু তেনেকুৱা কেতিয়াও নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
Also Read: পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তনৰ দাবীত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্ম বিৰতি...