BPF ৰ প্ৰাক্তন বিধায়কৰ ঘৰত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ প্ৰমোদ বড়োৰ বুলি দাবী হাগ্ৰামা মহিলাৰীৰ...

BPF ৰ প্ৰাক্তন বিধায়কৰ ঘৰত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ প্ৰমোদ বড়োৰ বুলি দাবী হাগ্ৰামা মহিলাৰীৰ...
BPF ৰ প্ৰাক্তন বিধায়কৰ ঘৰত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ প্ৰমোদ বড়োৰ বুলি দাবী হাগ্ৰামা মহিলাৰীৰ...

ডিজিটেল সংবাদ চিৰাং: ''প্রাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হোৱা মৰণাস্ত্ৰ আচলতে প্ৰমোদ বড়োৰহে । প্ৰমোদ বড়োৱে ষড়যন্ত্ৰ কৰি পুলিচৰ হাতেৰে তেওঁৰ মাৰণাস্ত্ৰ হিতেশ বসুমতাৰীৰ বাসগৃহত ৰাখি গ্ৰেপ্তাৰ কৰিছে।''- এই বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

আজি দুবছৰ পিছত চিৰাঙৰ কাজলগাঁৱত বি পি এফ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কাজলগাঁৱৰ আলাই খুংখ্ৰী উদ্যানত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত দলটোৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা কৰ্মীসকলৰ উপৰিও বি পি এফ দলৰ বিধায়কৰ লগতে ১০ খন জিলা সমিতিৰ নেতৃত্বত উপস্থিত থাকে ।

কাৰ্য্যনিৰ্বাহক সভাত মূলতঃ আগন্তুক ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচনক লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত বি পি এফ দলক পুনৰ শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । আগন্তুক নিৰ্বাচনত বি পি এফ দলে অকলে কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰে ।

বিজেপি দলৰ সৈতে আদৰ্শগত ভাবে মতানৈক্য থাকিলেও অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হাগ্ৰামা মহিলাৰীৰ ব্যক্তিগত সম্পর্ক বহুত ভাল। দুয়োৰে মাজত ভাই ককাইৰ সম্পর্ক বুলিও দাবী কৰে ।

হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত চাপাগুৰী সমষ্টিৰ বিপিএফ দলৰ প্রাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ঘৰত অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ আৰু তেওঁক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়, যে হিতেশ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হোৱা মৰণাস্ত্ৰ আচলতে প্ৰমোদ বড়োৰহে।

BPF ৰ প্ৰাক্তন বিধায়কৰ ঘৰত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ প্ৰমোদ বড়োৰ বুলি দাবী হাগ্ৰামা মহিলাৰীৰ...
অচল হৈ পৰিব চি এন জি চালিত বাছ ! বিভিন্ন দাবীৰে চালকৰ উত্তাল প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in