সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত হেমাৰবড়ীত প্ৰতিবাদ

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত হেমাৰবড়ীত প্ৰতিবাদ

ডিজিটেল সংবাদ,বটদ্ৰৱা : সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত,দলংঘাট ব্লক সমিতিৰ সহযোগত বটদ্ৰৱা সমষ্টিৰ হেমাৰবড়ীত শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ইজৰাইলে পেলেষ্টাইনৰ গাজাত যি অমানৱিক বর্বৰ গণহত্যা চলাইছে ইয়াক বন্ধ কৰাৰ দাবীত দেশজুৰি আহ্বান জনোৱা প্ৰতিবাদ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ হেমাৰবড়ীত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাই। তেওঁ কয়- যেতিয়া সমগ্ৰ দেশজুৰি ফিলিস্তিনিসকলৰ গণহত্যা বন্ধ কৰাৰ দাবী উত্থাপন হৈছে তেতিয়া বিজেপি আৰু প্রধানমন্ত্রী মোদীয়ে নিলর্জ্জভাৱে ইজৰাইলৰ পক্ষত ঠিয় হৈছে।

যিয়ে দেশৰ পূৰ্বৰ বৈদেশিক নীতিক জলাঞ্জলি দি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মদতপুষ্ট যুদ্ধবাজ ইজৰাইলৰ পক্ষ লৈ বিশ্ববাসীৰ ওচৰত দেশক লজ্জাৱনত কৰিছে। কার্য্যসূচীত অংশগ্ৰহণ কৰে সন্থাৰ জিলা ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমে।

তেওঁ কয়- যেতিয়া গাজাৰ গণসংহাৰক বাধা দিবলৈ ৰাষ্ট্ৰসংঘই ভোটৰ আহ্বান জনাইছিল তেতিয়া ভাৰতক তাৰ পৰা বিৰত ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক যুদ্ধৰ সমর্থক বুলি বাৰ্তা প্ৰেৰণ কৰি দেশত ফেচিষ্ট শাসন কায়েম কৰিব বিচাৰিছে। এতিয়ালৈকে মৃত্যু হোৱা ৮০০০ৰো অধিক লোকৰ ভিতৰত তিনি সহস্ৰাধিক শিশু আৰু দুই সহস্ৰাধিক মহিলাৰ মৃত্যু হৈছে।

এনে গণহত্যাৰ সমর্থক বিজেপি আৰু মোদী চৰকাৰৰ পৰা বিদায় দিয়াৰ বিকল্প নাই বুলি প্ৰকাশ কৰে। প্ৰতিবাদকাৰী সকলে গাজাত ইজৰাইলে গণ হত্যা বন্ধ কৰক, পেলেষ্টাইন বাসীলৈ মানৱিক সাহায্য প্ৰদান কৰক, ভাৰতৰ বৈদেশিক নীতি ভঙ্গ কৰা মোদী চৰকাৰ মুর্দাবাদ, ইজৰাইলৰ পক্ষত থিয় হোৱা মোডী-বিজেপি হায় হায়,মোদী হটাওক দেশ বচাওক ধ্বনিৰে প্ৰতিবাদথলী উত্তাল কৰি তোলে । কাৰ্যসূচীত সন্থাৰ অন্যতম নেত্ৰী উমা পাটৰ আৰু কুঞ্জলতা হীৰাই নেতৃত্ব প্ৰদান কৰে।

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত হেমাৰবড়ীত প্ৰতিবাদ
পুৰণিগুদাম কুমাৰগাৱঁত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in