/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/de628b8a-6bcc-494e-8dce-8648fbdeacf1/395.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ পুৰণিগুদামত নতুনকৈ স্থাপন কৰা প্ৰাপ্তি অৰ্থপেটিক আৰু গ্ৰাইনক'লজি ডে কেয়াৰ ক্লিনিকৰ উদ্যোগত শুকুৰবাৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী কুমাৰগাঁৱত অনুষ্ঠিত হয় স্বাস্থ্য শিবিৰটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8cd8d5d2-44ec-49f7-9a6e-6f3c6ff091a8/9ae922df_bfe4_4ea4_bf72_a70330322cbb.jpg)
গ্ৰাম্য অঞ্চলৰ ৰোগীসকলৰ চিকিৎসাৰ অভাৱ তথা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে ক্লিনিকখনৰ স্বত্বাধিকাৰী পুৰণিগুদাম জলাহগাৱঁৰ চিন্ময় চমুৱাই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। অঞ্চলটিৰ প্ৰায় শতাধিক ৰোগীয়ে এই শিবিৰটোত পাটনাৰ পৰা অহা বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি যথেষ্ট উপকৃত হোৱা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0c353188-8b7e-4064-a2bb-2e6ec49abbeb/c81f6760_18bd_4761_91fd_4683391536b3.jpg)
শিবিৰটোত বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে বিতৰণ কৰা হয় বিনামূলীয়া ঔষধ। উল্লেখ্য যে পুৰণিগুদামত নতুনকৈ স্থাপন কৰা প্ৰাপ্তি অৰ্থপেটিক আৰু গ্ৰাইনক'লজি ডে কেয়াৰ ক্লিনিকত ৰাইজৰ বাবে উপলব্ধ থাকিব বিভিন্ন স্বাস্থ্য সেৱা ।
Also Read: নলবাৰীৰ জিলাৰ ৰাইজৰ দলৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তীয়ে লাভ কৰিলে জামিন...