"NO Road No Vote" শ্ল'গানেৰে উত্তাল ৰহা...

"NO Road No Vote" শ্ল'গানেৰে উত্তাল ৰহা...

author-image
Asomiya Pratidin
New Update
"NO Road No Vote" শ্ল'গানেৰে উত্তাল ৰহা...

ডিজিটেল সংবাদ, ৰহাঃ "NO Road No Vote" শ্লোগানত উত্তাল হ'ল ৰহা সমষ্টিৰ হাটবৰ পূববোলা। ৰহা শীলভেটা, হাটবৰ, পূববোলা,পশ্চিম বোলা সহ বহুকেইখন গাঁৱৰ মাজেৰে যোৱা বিধ্বস্ত মথাউৰিটো মেৰামতিৰ বাবে ৰাইজে বাৰে বাৰে আবেদন নিবেদন কৰিছে আজিলৈ কোনো সুফল লাভ নকৰিলে স্থানীয় ৰাইজে।

Advertisment

প্ৰায় ৭-৮খন গাঁৱৰ ৰাইজৰ লগত সম্পৰ্ক ৰক্ষাৰ মূল পথটোৰ এনে অৱস্থাই বছৰ বছৰ ধৰি যমৰ যন্ত্ৰনা ভুগাইছে ৰাইজক। এজাক বৰষুণ দিলেই পথ নহয় যেন পথাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰাৰ লগতে কোনোধৰণৰ জৰুৰীকালীন সেৱা লাভটো বাধাৰ সন্মুখীন হয় ভুক্তভোগী ৰাইজ। মুঠৰ ওপৰত এজাক বৰষুণ পৰিলেই সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা।

অতিষ্ঠ ৰাইজে ধোৱাদলনি প্ৰাথমিক বিদ্যালয়ত সভা আয়োজন কৰি পথ নিৰ্মাণ নকৰাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছতো যদি পথ নিৰ্মাণ নহয় আগন্তুক প্ৰতিটো নিৰ্বাচনতে ভোট বৰ্জনৰ হুঙ্কাৰ প্ৰদান কৰে ক্ষোভিত ৰাইজে ইয়াৰ লগতে পথৰ ওপৰত প্ৰায় দুই শতাধিক মহিলাই ন' ৰোড ন' ভোট শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: পুনৰ বৰ্হিৰাজ্যত নিৰুদ্দিষ্ট বোকাখাতৰ ব্যক্তি...

protest roha