পুনৰ বৰ্হিৰাজ্যত নিৰুদ্দিষ্ট বোকাখাতৰ ব্যক্তি...

পুনৰ বৰ্হিৰাজ্যত নিৰুদ্দিষ্ট বোকাখাতৰ ব্যক্তি...

author-image
Asomiya Pratidin
New Update
পুনৰ বৰ্হিৰাজ্যত নিৰুদ্দিষ্ট বোকাখাতৰ ব্যক্তি...

ডিজিটেল সংবাদ, বোকাখাতঃ পুনৰ নিৰুদ্দেশ হৈছে কৰ্মসংস্থাপন বিচাৰি বৰ্হিৰাজ্যলৈ এজন লোক। হায়দৰাবাদৰ ইন্দুকুৰিতৰ পৰা নিৰুদ্দিষ্ট হৈছে বোকাখাতৰ কুৰুৱাবাহীৰ ধনিৰাম দাস নামৰ ব্যক্তিজন।

Advertisment

এটা নিশ্চিত আৰু নিৰাপদ নিয়োগ, শ্ৰমৰ উচিত মূল্য লাভৰ আশাত প্ৰতিবছৰেই হাজাৰ হাজাৰ অসমীয়া যুৱক-যুৱতী বৰ্হিৰাজ্যলৈ গমন কৰাৰ দৰে বোকাখাতৰ কুৰুৱাবাহীৰ পৰা হায়দৰাবাদৰ 'ইন্দুকুৰিত' গৈ নিৰুদ্দিষ্ট হ'ল ৪৫ উৰ্ধ্বৰ ধনিৰাম দাস নামৰ ব্যক্তি জন।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে ধনিৰাম দাস হায়দৰাবাদৰ ইন্দুকুৰিৰ এটা কোম্পানীত নিৰাপত্তাৰক্ষীৰ হিচাপে নিযুক্ত হৈছিল। পৰৱৰ্তী সময়ত লগত যোৱা লোকসকল কুৰুৱাবাহীলৈ ঘুৰি আহিল যদিও বৰ্তমান কোনো সম্ভেদ পোৱা নাই ধনিৰাম দাসৰ।

উল্লেখযোগ্য যে নুমলীগড় তেল শোধনাগাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিছু নীতি-নিয়মৰ সকিয়নীৰ বাবে বোকাখাতত উদ্যোগ স্থাপন কৰিব নোৱাৰি। যাৰ ফলত উদ্যোগিক নিয়োগৰ সুবিধা নথকাৰ বাবে প্ৰতিদিনেই বৰ্হিৰাজ্যলৈ যুৱক-যুৱতীৰ সোঁত বোৱাৰ অভিযোগ উত্থাপন কৰিছে বোকাখাতৰ স্থানীয় ৰাইজে।

Also Read: জামুগুৰিহাটত কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন যুৱকৰ

bokakhat missing case