/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/80ad962a-b688-46fc-b68e-d9a9ceb25c0f/protest.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নিৰ্বাচনৰ বতৰত কামপুৰ অঞ্চলৰ কেবাগৰাকী সচেতন ব্যক্তিয়ে আটি কামপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।"কা জাপি অসমলৈ বিদেশী, বাংলাদেশী-বাঙালী আদৰা বিজেপিক মনৰ পৰা দূৰ কৰক" শীৰ্ষক এই কাৰ্যসূচীত গাঁৱৰ জ্যেষ্ঠ সাংবাদিক,সাংস্কৃতিক কৰ্মী তথা সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰ উপস্থিত থাকে।
তিনিগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে বিজেপি শাসনত ভাৰতৰ জনগণক শোষণেৰে কোঙা কৰা বুলি অভিযোগ কৰে। লগতে দেশখন পুঁজিপতিৰ ওচৰত বিক্ৰী কৰা আৰু সকলো ৰাজহুৱা প্ৰতিষ্ঠান কৰ্পৰেটক গতাই কেবাকোটি নিবনুৱাক কৰ্মসংস্থানহীন কৰা বুলিও ক্ষোভ উজাৰে। মূল্যবৃদ্ধিৰে ৰাইজক মৃত্যুৰ পথলৈ ঠেলি দিয়া আৰু স্বৈৰাচাৰী ব্যৱস্থাৰে ৰাইজৰ কণ্ঠ ৰোধ কৰি লাখ লাখ কোটি টকাৰে দেশক ধৰোৱা কৰা বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় প্ৰতিবাদকাৰীয়ে ।
Also Read: মেঘালয়ত দুৰ্বৃত্তই জীৱন্তে জ্বলালে ৩যুৱকক