কামপুৰৰ বিশিষ্ট সমাজসেৱক কমল শইকীয়াৰ দেহাৱসান

কামপুৰৰ বিশিষ্ট সমাজসেৱক কমল শইকীয়াৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
কামপুৰৰ বিশিষ্ট সমাজসেৱক কমল শইকীয়াৰ দেহাৱসান

ডিজিটেল সংবাদ, কামপুৰঃ আজি কামপুৰৰ জেষ্ঠ্য সাংবাদিক তথা কামপুৰ সমাজসেৱক কমল শইকীয়াৰ দীৰ্ঘ দিনীয়া অসুস্থতাৰ অন্তত দিনৰ ১২ বজাত দেহাৱসান ঘটে। প্ৰয়াত শইকীয়া অৱসৰ প্ৰাপ্ত সহকাৰী আৰক্ষী বিষয়া লগতে অসম পুলিচৰ ফুটবল দলৰ প্ৰাঃ খেলুৱৈ আছিল। শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰা পিছতে তেখেতৰ বাসগৃহত যথেষ্ট সংখ্যক লোক উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

Advertisment

তেখেতৰ মৃত্যুত কামপুৰৰ বিভিন্ন দল সংগঠনৰ কামপুৰ আৰোহন গোষ্ঠী, কামপুৰ সাংবাদিক সন্থা, কামপুৰ প্ৰাক্তন ছাত্ৰ সমন্বয় সমিতি, নগাঁও জিলা কবি সন্মিলন, কামপুৰ ইলেট্ৰনিক মিডিয়া, কামপুৰ শাখা সাহিত্য সভা, নিজকামপুৰ পঞ্চায়তৰ সভাপতি নিৰঞ্জন বৰাকে ধৰি বিভিন্ন দল সংগঠন আৰু গুণমুগ্ধই শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত শইকীয়াই পত্নী সহ জেষ্ঠ্য পুত্ৰ তথা সাংবাদিক ৰাজু শইকীয়াকে ধৰি দুগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় ।

Also Read: মুকবধিৰ যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই আটক অহিদুৰ ৰহমান

kampur