মুকবধিৰ যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই আটক অহিদুৰ ৰহমান

জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলাৰ হাটিঙা বাগানৰ এগৰাকী মুকবধিৰ ২২ বছৰীয়া যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই ৰাইজৰ হাতত কৰায়ত্ব হ'ল এটা লম্পট।

author-image
Asomiya Pratidin
New Update
মুকবধিৰ যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই আটক অহিদুৰ ৰহমান

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলাৰ হাটিঙা বাগানৰ এগৰাকী মুকবধিৰ ২২ বছৰীয়া যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই ৰাইজৰ হাতত কৰায়ত্ব হ'ল এটা লম্পট। কৰায়ত্ব হোৱা লম্পটটোৰ নাম অহিদুৰ ৰহমান(৪৯)। বুধবাৰে সংঘটিত হৈছে এই ঘটনা।

Advertisment

অভিযোগ অনুসৰি ফেৰীৱালা অহিদুৰে ৰহমানে মুকবধিৰ যুৱতী গৰাকীক অকলশৰীয়া অৱস্থাত পাই ফুচুলাই নি ধৰ্ষণৰ চেষ্টা চলাওতেই স্থানীয় ৰাইজে দেখা পাই হুলস্থূল কৰে। লগতে লম্পটোক কৰায়ত্ব কৰি ইটাখোলা আৰক্ষীক চমজাই দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে লম্পট অহিদুৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ লগতে যুৱতী গৰাকীৰ স্বাস্থ্যৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ধৃত লম্পট অহিদুৰ ৰহমানৰ ঘৰ জামুগুৰিহাটৰ বাকোলা গাঁৱত বুলি জানিব পৰা গৈছে।

Assam police