নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ -সমাজকৰ্মী আব্দুল মান্নান ফাৰুকীৰ বিয়োগ

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ -সমাজকৰ্মী আব্দুল মান্নান ফাৰুকীৰ বিয়োগ

ডিজিটেল সংবাদ , নগাঁওঃ নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজকৰ্মী, নগাঁও চহৰৰ বিমলা বৰা পথ নিবাসী আব্দুল মন্নান ফাৰুকী(৭৮)ৰ কালি নিশা প্ৰায় ৯:৩০ বজাত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ দীৰ্ঘদিন ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হৈ গুৰুতৰ ভাৱে অসুস্থ হৈ আছিল।

উল্লেখ্য যে, ১৯৫০ চনত জিলাখনৰ বেচামাৰীৰ সমীপৰ শালমাৰাবৰীত জন্মগ্ৰহণ কৰা আব্দুল মন্নান ফাৰুকীয়ে বেচামাৰীত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬২ চনত সুখ্যাতিৰে মেট্ৰিক, ১৯৬৪ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা পি ইউ আৰু ১৯৬৭ চনত ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী, ১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ছাত্র জীৱনৰ সমাপ্তি ঘটাই ইয়াৰ পৰৱৰ্তী সময়ত আলিটাঙনী উচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিছুদিন শিক্ষকতা কৰাৰ পিছত ১৯৭২ চনত নগাঁও মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত অধ্যাপক হিচাপে যোগদান কৰি চাকৰি জীৱনৰ পাতনি মেলে। অৱশেষত ২০০৬ চনত ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। শিক্ষকতা কৰি ভাল পোৱা শিক্ষাবিদ গৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ কিছুদিন পিছতেই জুৰীয়াৰ সমীপত থকা আজমল কলেজ অৱ আৰ্ছত অধ্যক্ষ হিচাপে যোগদান কৰি একেৰাহে ছয় বছৰ কাৰ্যনিৰ্বাহ কৰে।

শিক্ষকতাৰ সমান্তৰাল ভাবে ফাৰুকী দলীয় ৰাজনীতিৰ লগত উতঃপ্ৰোত ভাবে জৰিত আছিল। তেওঁ ১৯৯১চনত ধিং বিধান সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আৰু ১৯৯৬চনত কলিয়াবৰ লোক সভা সমষ্টিৰ পৰা তিৱাৰী কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও সফল হ'ব পৰা নাছিল। সংখ্যালঘু আন্দোলনৰ অন্যতম গুৰি ধৰোতা আব্দুল মন্নান ফাৰুকী ৰাজনীতিৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আজীৱন সমাজ সেৱাত ব্ৰতী আছিল। বিশেষকৈ তেওঁ অসম কলেজ শিক্ষক সংস্থা, চিটিজেঞ্চ ৰাইটত প্ৰিজাৰভেছন কমিটি, অসম সংখ্যালঘু যুৱ পৰিষদ, অসম ৰাজ্যিক জমিয়ত উলামা, চৰ-চাপৰি সাহিত্য পৰিষদ, অনগ্ৰসৰ মুছলিম জাতীয় ঐক্য মঞ্চ, সংখ্যালঘু সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতি, নেলী ডেভলপমেন্ট কমিটি, জুৰীয়া কলেজ পৰিচালনা সমিতি, বেচামাৰী ছোৱালী হাইস্কুল, বেচামাৰী আছৰাফুল উলুম মাদ্ৰাছা কমিটিৰ লগতে কেবাটাও ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ লগতো প্ৰত্যক্ষ ভাবে জৰিত হৈ সমাজ সেৱা আগবঢ়াইছিল।

তেওঁৰ মৃত্যুত আটাইকেইটা সংগঠনে শোক প্ৰকাশ কৰে। তদুপৰি, সংখ্যালঘু ছাত্ৰ সংগঠন আমছু, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও সমাজ হৈতিশী ব্যক্তি গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী সহ তিনি গৰাকী পুত্ৰ সন্তান আৰু বহু ইষ্ট কুটুম ইহ সংসাৰত এৰি থৈ যায়। আজি বিয়লি দুই বজাত নগাঁও টাউন কবৰস্থানত বহু গুণমুগ্ধৰ উপস্থিতি জানাজা সম্পন্ন কৰা হয়।

বিশিষ্ট শিক্ষাবিদ গৰাকীৰ বিয়োগত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, নগাঁও কলেজ আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ -সমাজকৰ্মী আব্দুল মান্নান ফাৰুকীৰ বিয়োগ
ইউ পি এছ চি পৰীক্ষাত ১৮ সংখ্যক স্থানত জিলিকিল তিনিচুকীয়াৰ অংকিতা ফুকন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in