/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9d77e5bb-fd21-4e88-86f3-03e309546913/PANDIT_25.jpg)
শতবৰ্ষ গৰকা সত্যকৃষ্ণ মিশ্ৰৰ বেহেলাৰ সুৰে মন্ত্ৰ মুগ্ধ কৰিলে সংগীতপ্ৰেমীক...
ডিজিটেল সংবাদ নগাঁও: নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় শাস্ত্ৰীয় সংগীতৰ এক ব্যতিক্ৰমী অনুষ্ঠান। সোমবাৰে নগাঁৱৰ সুৰ সাধনা সংগীত মহাবিদ্যালয়ে আয়োজন কৰা এই অনুষ্ঠানৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল শতবৰ্ষ গৰকা বেহালা বাদক পণ্ডিত সত্যকৃষ্ণ মিশ্ৰ আৰু আমেৰিকাৰ নিউ জাৰ্চি নিৱাসী নগাঁৱৰ জীয়ৰী মিতালী বেনাৰ্জী ভৌমিক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4cc6dbdc-2341-4ea1-90d3-1d5c149f1594/8d76eba2_26e7_4112_820f_598d44a6d3e1.jpg)
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত প্ৰায় আধাঘন্টা একেৰাহে বেহালাত সুৰৰ ঝঙ্কাৰ তুলি উপস্থিত দৰ্শক-শ্ৰোতাক আপ্লুত কৰে শতবৰ্ষী পণ্ডিত সত্যকৃষ্ণ মিশ্ৰই। পণ্ডিত মিশ্ৰৰ পিছতেই পটদীপ ৰাগ, ঠুমৰি আৰু বেগম আখতাৰৰ বিখ্যাত মিশ্ৰ পিলু ৰাগৰ বাংলা গজল "জোছনা কৰেছে আড়ি, আসে না আমাৰ বাড়ি" সুৱলা কণ্ঠত পৰিৱেশনেৰে মোহিত কৰে মিতালী বেনাৰ্জী ভৌমিকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8a91d267-338a-45c3-9400-25db291636fe/a6c05ae2_ac21_4298_816b_2d36ed06f4dd.jpg)
মিতালীক তবলা আৰু হাৰমোনিয়ামত যোগ্য সহযোগিতা আগবঢ়ায় পণ্ডিত মিশ্ৰৰ দুই যোগ্য সন্তান পণ্ডিত বিদ্যুৎ মিশ্ৰ আৰু প্ৰদ্যুৎ মিশ্ৰই। সুৰসাধনাৰ অধ্যক্ষা সুৱাগমণি মহন্ত আৰু তেওঁৰ ছাত্ৰ -ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিত্ৰদেৱ মহন্তৰ ৰচিত আৰু সুৱাগমণি মহন্ত সুৰাৰোপিত 'ৰাম-শ্যামী' ভজনেৰে আজিৰ অনুষ্ঠানৰ আৰম্ভণি হয়।
সুৰসাধনাৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চত কেক কাটি পণ্ডিত মিশ্ৰৰ শততম জন্মদিৱস পালন কৰে। মহাবিদ্যালয়ৰ পক্ষৰ পৰা পণ্ডিত সত্যকৃষ্ণ মিশ্ৰ, তেখেতৰ পত্নী নিৰুপমা মিশ্ৰ, পুত্ৰদ্বয় বিদ্যুৎ মিশ্ৰ আৰু প্ৰদ্যুৎ মিশ্ৰ, মিতালী বেনাৰ্জী ভৌমিক আৰু তেখেতৰ মাতৃ গৌৰী বেনাৰ্জী আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ কুলেন দাসক সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7f3e102a-0832-4adc-a733-c3c3dd25af5a/deb41291_ff06_4768_9b76_5c727a957a16.jpg)
অনুষ্ঠান পৰিচালনা কৰে কৃষ্ণ কিংকৰে। ইয়াৰ পূৰ্বে পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শাস্ত্ৰীয় সংগীত সম্পৰ্কীয় এখনি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বক্তৃতানুষ্ঠানৰ মুখ্য আলোচক মিতালী বেনাৰ্জী ভৌমিকে সীমিত সময়ত শাস্ত্ৰীয় সংগীতৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আলহাইয়া বিলাৱল ৰাগৰো প্ৰশিক্ষণ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c9dbd607-8028-44c5-b5ae-cfb82e774541/87d55cef_7ae4_47b7_a150_e47af6881d0b.jpg)
বন্তি প্ৰজ্বলন কৰি বক্তৃতানুষ্ঠানৰ শুভাৰম্ভ কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ কুলেন দাসে। ছাত্ৰ-ছাত্ৰীসকলে এই আলোচনা আৰু প্ৰশিক্ষনৰ পৰা যথেষ্ট উপকৃত হৈছে বুলি সুৰ সাধনা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা সুৱাগমণি মহন্তই জানিবলৈ দিয়ে।
Also Read: মঙলদৈ চপাই বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ উদযাপন...