/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8d3ef47d-0a48-49e2-a04a-3cc5e51396cc/MANGALDOI_25.jpg)
মঙলদৈ চপাই বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ উদযাপন...
ডিজিটেল সংবাদ মঙলদৈঃ'আজিৰ অধিকাংশ অভিভাৱকে সন্তানক অত্যাধিক মৰম কৰি পংগুত্ব প্ৰদান কৰিছে। সন্তানৰ দেহৰ সকলো অংগ দেখাত ঠিকেই লাগে যদি, পিতৃ মাতৃৰ 'মৰম' নামৰ অত্যাচাৰৰ বাবে সেই সন্তানে নিজে একো কৰিব নোৱাৰা হৈ পৰে। সন্তানক সহায় কৰক, দিক দৰ্শন দিয়ক, মৰমো কৰক। কিন্তু সিদ্ধান্ত ল'বলৈ সন্তানক দায়িত্ব দিয়ক। তেতিয়া সন্তানে পূৰ্ণতা লাভ কৰিব।'- এই ভাষ্য কাজিৰঙা আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড৹ গীতিকা চহৰীয়াৰ।
মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাই মেধিপাৰা বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাৰ নিৰ্দিষ্ট বক্তাৰ ভাষণত তেওঁ এইদৰে কয়। উদযাপন সমিতিৰ সভাপতি ড০ অৰবিন্দ ডেকাৰ সভাপতিত্বত দিনৰ ১.৫০ বজাত আৰম্ভ হোৱা এই মুকলি সভাত তেওঁ বৰ্তমান মুখস্থ বিদ্যা নহয়, এটা পাঠ খৰছি মাৰি বুজি পোৱাকৈ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, এতিয়াৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীক অকল পঢ়ালেই নহ'ব, তেওঁলোক ছাত্ৰ-ছাত্ৰীৰ হ'ব লাগিব সহায়কাৰী। ছাত্ৰ-ছাত্ৰীক আত্ম বিশ্বাসী কৰি গঢ়ি তুলিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8caf65bd-5dcf-4e0d-8fe2-57d95ff16659/841f833b_844e_4cd3_aef7_98b60ac0d4e7.jpg)
আধ্যাত্মিক শিক্ষা মানে ধৰ্ম নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, ধৰ্মতকৈ আধ্যাত্মিকতা বহু ওপৰৰ বিষয়। এই বিষয়টোত সন্তানক আকৰ্ষিত কৰি তুলিব লাগিব বুলি তেওঁ কয়। সম্পাদক ৰমেশ চহৰীয়াই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি এই সভা উদ্বোধন কৰে নগাঁৱৰ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ বিজয় কুমাৰ শৰ্মাই।
তেওঁ অকল ইংৰাজীয়েই নহয়, বিশ্বৰ সকলো ভাষাই শিকাটো, জনাটো ভাল কথা বুলি উল্লেখ কৰি মাতৃভাষাক বাদ দি অইন ভাষাৰ প্ৰতি অহেতুক প্ৰীতি জাতিটোৰ বাবেই বিপদজনক। সমবেত সংগীতেৰে আৰম্ভ হোৱা এই সভাত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধিয়ে লক্ষীকান্ত শৰ্মা সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c2397626-32ac-4ccc-9307-54519fb04e43/3bbd7208_cb3a_4b67_bfb4_ca3bed1b0168.jpg)
সভাত বিধায়ক বসন্ত দাস, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বিদ্যালয়ৰ প্ৰধান শিক্ষক তপেশ্বৰ ডেকা, পৰিচালনা সমিতিৰ সভাপতি ভবানন্দ শৰ্মা আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বলোৰাম ডেকাসহ সহস্ৰাধিক লোক উপস্থিত থাকে।
সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান গীত পৰিবেশন কৰে চয়নিকা বৈশ্য আৰু ধ্ৰুৱজ্যোতি বৈশ্যই। ইয়াৰ আগতে দিনৰ ১১ বজাত ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিনেশ্বৰ ডেকাই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত লোক কলা কৃষ্টিৰ সমাহাৰ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9e046ef4-3e58-4489-80a8-1b36806dc4b9/c81508d3_6fab_463b_bed8_b43533988049.jpg)
শিল্পী নীলকান্ত ডেকা আৰু চপাই গাঁও পঞ্চায়তৰ সভানেত্ৰী বিজু ভট্টাচাৰ্যৰ নেতৃত্বত হোৱা এই শোভাযাত্ৰাত তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। ইফালে দেওবাৰে হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, গুৰুমণ্ডলী সমাৰোহত অতীত স্মৃতি ৰোমন্থন কৰি সকলোৱে নষ্টালজিক হৈ পৰে।
প্ৰাক্তন গুৰুমণ্ডলী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ইজনে সিজনক আলিঙ্গন কৰি, গুৰুমণ্ডলীক সেৱা কৰি হৈ পৰে আবেগবিহ্বল। দিনৰ ১১ বজাত সূৰ্য্য শৰ্মা ৰচিত, দ্বীজেন্দ্ৰ মোহন দেৱ শৰ্মা সুৰাৰোপিত সমবেত সংগীতেৰে আৰম্ভ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু গুৰুমণ্ডলীৰ এই অন্তৰংগ আলাপ উদ্বোধন কৰে ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, চপাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত শৰ্মাই।
উদ্বোধনী ভাষণত তেওঁ কয়- 'পৈণত বয়সত উপলব্ধি কৰিছো যে, মানুহে জীৱনৰ প্ৰথম প্ৰেমৰ কথাও এটা সময়ত পাহৰি যায়। কিন্তু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ কথা কেতিয়াও পাহৰি নাযায়। কিয়নো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ গতি পথৰ চিহ্ন আঁকি দিয়ে।'
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰুণু দেৱীৰ সঞ্চালনাত হোৱা এই অন্তৰংগ আলাপত অৱসৰপ্ৰাপ্ত শিক্ষক জজিৰাম নাথে শিক্ষকতা এক মহান কাম বুলি উল্লেখ কৰি কয়- এই শিক্ষকতাৰ লগত অইন বৃত্তিৰ তুলনা নহয়। অৱসৰপ্ৰাপ্ত শিক্ষক মিহিৰাম শইকীয়া, নমিতা লহকৰ, শিক্ষয়িত্ৰী ভৱানী দেৱী, প্ৰাক্তন ছাত্ৰী সুভদ্ৰা দেৱী, প্ৰাক্তন ছাত্ৰ মণিৰাম শৰ্মা, কালিপদ মণ্ডল, তপেশ্বৰ ডেকা, শিক্ষক প্ৰফুল্ল চহৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ চন্দ্ৰ চহৰীয়া, গজেন ডেকা আদিয়েও অন্তৰংগ আলাপত ভাষণ দিয়ে।
সুভদ্ৰা দেৱীয়ে কবিতা পাঠ কৰে। সন্ধিয়া কুটীৰ শিল্পী জীৱন চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন আৰু গীতিকাৰ প্ৰভাত চৌধুৰীয়ে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে।
Also Read: চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাসলীলা প্ৰদৰ্শন...