বটদ্ৰৱা থানৰ নৱনিৰ্মিত ভৱন উন্মোচন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বটদ্ৰৱা থানৰ নৱনিৰ্মিত ভৱন উন্মোচন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ নৱনিৰ্মিত ভৱন উন্মোচন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল সংবাদ, বটদ্ৰৱা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানৰ জাাপি বাটচ'ৰাৰ দিশেৰে থকা প্ৰৱেশদ্বাৰ, প্ৰৱেশ পথ, কাৰ্যালয়, প্ৰশাসনীয় ভৱন, সভাগৃহ, দামোদৰ আতা যাত্ৰী নিৱাস আদি কৰি কেইবাটাও নৱনিৰ্মিত কামৰ দ্বাৰ মুকলি কৰিবলৈ দেওবাৰে পুৱা বটদ্ৰৱা থানত উপস্থিত হব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Advertisment

উল্লেখ্য যে, ২০২২ চনৰ ১৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানৰ কীৰ্তনঘৰ, মনিকূট আৰু নাটঘৰৰ গৃহ উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ আৰু কীৰ্তনঘৰৰ মনিকূটৰ আসন আৰু গুৰু আসনত গোসাঁইক পুনৰ প্ৰতিষ্ঠা কৰা মাংগলিক কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰি সেইদিনাই মুখ্যমন্ত্ৰীয়ে ভকত বৈষ্ণৱক সম্বোধি কৰা ভাষণতে পুনৰ বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে ১৯ কোটি ৯৭ লাখ ৮৬ হাজাৰ ৬ শ ৮২ টকা ঘোষণা কৰিছিল।

উক্ত ধনৰাশিৰে বটদ্ৰৱা থানৰ জাাপি বাটচ'ৰাৰ দিশেৰে থকা প্ৰৱেশদ্বাৰ, প্ৰৱেশ পথ, কাৰ্যালয়, প্ৰশাসনীয় ভৱন, সভাগৃহ, দামোদৰ আতা যাত্ৰী নিৱাস আদি কেইবাটাও উন্নয়নমূলক কাম ঘোষণা কৰিছিল। তাৰ ফলশ্ৰুতিতে আটকধুনীয়া কৈ সজাই পৰাই তোলা কেইবামহলীয়া এই গৃহসমূহৰ দ্বাৰ মুকলি কৰিবলৈ দেওবাৰে উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড০ শৰ্মা।

মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে বটদ্ৰৱা থান সংযোগী পথসমূহ মেৰামতি কৰাৰ লগতে বটদ্ৰৱা থান চৌহদটি পৰিস্কাৰ পৰিচন্নতা কৰাৰ নিমিত্তে দিনে-নিশাই চলিছে কাম।

Also Read: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন

batadrava than