/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b8530236-7883-450f-93d4-f2c41f1a4821/2.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ মঙলবাৰে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰমিলা কন্দলীয়ে শেষ নিশ্বাস ত্যাগ কৰে। বিশিষ্ট কবি,উত্তৰ পূৱ ভাৰতৰ মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ সদস্যা তথা নগাঁওস্থিত সখী একক অৱস্থান কেন্দ্ৰৰ প্ৰাক্তন প্ৰকাশক প্ৰমিলা কন্দলীৰ দিনৰ প্ৰায় ১২ বজাত নিজ বাসগৃহত পৰলোকগামী হয়।
নগাঁও শিশু কল্যাণ সমিতিৰ প্ৰাক্তন অধ্যক্ষা হিচাবে কৰ্ম দক্ষতা আৰু নিষ্ঠাৰে সেৱা আগবঢ়োৱা নগাঁৱৰ শংকৰ মন্দিৰ পথৰ নিবাসী প্ৰমিলা কন্দলীৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মাই শোক প্ৰকাশ কৰে।
ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।
Also Read: ২৯ মে'ত মাতৃভূমিলৈ উভতিব পাকিস্তানত বন্দী ৱাহিদা বেগম আৰু পুত্ৰ...