/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/05d087f6-ee1e-4caf-91a9-c43d90a04a28/3.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাত খাদ্য প্ৰস্তুতকৰণক লৈ কাজিয়া লাগি নিজ পুত্ৰই জুই জ্বলাই দিলে মাতৃক। ৰেৱদাণ্ডাৰ সমীপৰ নৱখাৰ গাঁৱত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই অমানবীয় ঘটনাৰ বলি হোৱা মাতৃ চাংগুনা নামদেও খোট নামৰ মহিলাগৰাকীৰ বৃহস্পতিবাৰে পুৱাই আলিবাগৰ এখন চৰকাৰী চিকিৎসালয়ত এক যন্ত্ৰণাদায়ক মৃত্যু হয়।
তদন্তকাৰী আৰক্ষী বিষয়াই জনোৱা অনুসৰি যোৱা মঙলবাৰে মাতৃ আৰু পুত্ৰৰ মাজত খাদ্য প্ৰস্তুতকৰণ আৰু পৰিৱেশন লৈ কাজিয়াৰ সৃষ্টি হৈছিল। তাৰ পিছতেই পুত্ৰ জয়েশে ক্ষোভত মাকক ঘৰৰ সন্মুখৰ মুকলি ঠাইলৈ টানি লৈ গৈ শুকান খৰি সংগ্ৰহ কৰি জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত ৰাৱদাণ্ডা থানাৰ বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ আহত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায় বুলিও তেওঁ জানিবলৈ দিয়ে।
উল্লেখ্য যে, আৰক্ষীৰ এটা দলে ওচৰৰ হাবি এখনৰ পৰা ২৬ বছৰীয়া জয়েশক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত আছে।
Also Read: ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us