পুনৰ প্ৰাণ পাই উঠিল উৰিয়াগাওঁ খেলপথাৰঃ প্ৰাইজমানি ক্ৰিকেটৰ চুড়ান্ত বিজয়ী কৰৈয়নীৰ নাইট ৰাইদাৰছ

পুনৰ প্ৰাণ পাই উঠিল উৰিয়াগাওঁ খেলপথাৰঃ প্ৰাইজমানি ক্ৰিকেটৰ চুড়ান্ত বিজয়ী কৰৈয়নীৰ নাইট ৰাইদাৰছ
পুনৰ প্ৰাণ পাই উঠিল উৰিয়াগাওঁ খেলপথাৰঃ প্ৰাইজমানি ক্ৰিকেটৰ চুড়ান্ত বিজয়ী কৰৈয়নীৰ নাইট ৰাইদাৰছ

ডিজিটেল সংবাদ উৰিয়াগাওঁঃ পুনৰ প্ৰাণ পাই উঠা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়া গাঁও আঞ্চলিক সমিতিৰ উদ্যোগত উৰিয়া আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সহযোগত যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।প্ৰতিযোগিতাখনত মুঠ ৩২ টা দলে যোগদান কৰে।

প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন কৰৈয়নীৰ নাইট ৰাইদাৰচ আৰু নগাঁৱৰ হাডি ইলেভেনৰ মাজত অনুষ্ঠিত হয়।খেলখনত কৰৈয়নীৰ নাইট ৰাইডাৰছে নগাঁৱৰ হাডি ইলেভেনক ৩৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰে৷

প্ৰথমে বেটিং কৰি কৰৈয়নীৰ নাইট ৰাইদাৰছে ১২ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে হাৰ্ডি ইলেভেনে ১২ অভাৰত ৯ উইকেটৰ বিনিময়ত ১১৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আজিৰ চুড়ান্ত খেলখনত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে কৰৈয়নীৰ নাইট ৰাইডাৰচৰ দলৰ পৱন ছেত্ৰীয়ে। প্ৰতিযোগিতাখনত মেন অফ দ্যা চিৰিজৰ সন্মান লাভ কৰে নগাঁৱৰ কল্পতৰু ৰকেটছৰ খেলুৱে আৰিফ খানে। খেলখন সমাপ্ত হোৱাৰ অন্তত দুয়োটা দলক নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয়।

চুড়ান্তখেলখন অনুষ্ঠিত হোৱাৰ পূৰ্বে কাৰ্যসূচী অনুসৰি দুপৰীয়া উৰিয়া গাঁৱৰ ঐতিহ্যমণ্ডিত শ্বহীদ বেদীত ফাইনেল খেলত অৱতীৰ্ণ হোৱা দুয়োটা দলৰ খেলুৱৈসকলৰ দ্বাৰা পুষ্পাঞ্জলি অৰ্পণ কৰা হয়।

User

উল্লেখযোগ্য যে, নগাওঁ জিলাৰ উৰিয়াগাঁও বাইপাছ চকৰ কাষৰ ভূমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বহিৰাগত প্ৰতিষ্ঠানক গতাই দিয়াৰ পিছত থলুৱা লোকসকলৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ উচ্ছেদ হোৱাৰ আশংকাই দেখা দি আহিছিল। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে উৰিয়া গাঁও চকত থলুৱা লোকৰ ব্যৱসায় উচ্ছেদ কৰা আৰু উৰিয়া গাঁও খেলপথাৰখন অধিগ্ৰহণ কৰাৰ বাবে স্থানীয় লোকসকলৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশে গতি কৰিছিল।

সেইবাবে থলুৱা ৰাইজৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰা আৰু ঐতিহাসিক উৰিয়াগাঁও খেলপথাৰ সংৰক্ষণ কৰাকে ধৰি বিভিন্ন দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্থানীয় ৰাইজৰ সহযোগত ধাৰাবাহিকভাৱে বৃহৎ প্ৰতিবাদী আন্দোলন চলাই গৈছিল। উৰিয়া গাঁও বাইপাছ চকৰ ভূমি বহিঃৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানক গতাই দি থলুৱা ৰাইজক পেটে ভাতে মৰাৰ নীতিৰ বিৰুদ্ধে আৰু উৰিয়া গাঁও খেলপথাৰখন সংৰক্ষণ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়া গাঁও আঞ্চলিক সমিতি, উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা প্ৰতিবাদমুখৰ হৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল।

তদুপৰি ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই স্থানীয় থলুৱা ব্যৱসায়ীৰ স্বাৰ্থত আৰু ঐতিহ্যমণ্ডিত খেলপথাৰখনৰ সুৰক্ষাৰ দিশটোৰ লগতে বৃহত্তৰ এলেকাটোৰ হৃত গৌৰৱ অক্ষুন্ন ৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। পিছত মুখ্যমন্ত্ৰীয়ে বিষয়টো হস্তক্ষেপ কৰি উৰিয়া গাঁৱৰ সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক দায়িত্ব অৰ্পণ কৰিছিল।

ইয়াৰ মাজতে যোৱা ১৬ ফেব্ৰুৱাৰীত মন্ত্ৰী পীযুষ হাজৰিকাৰে নগাঁৱৰ আৱৰ্ত ভৱনত আলোচনাত বহিছিল উৰিয়াগাঁৱৰ তিনিটাকৈ সংগঠনৰ লগত। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও জিলাৰ উপায়ুক্তকে ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই উক্ত বিষয়টো সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰে।

ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে উৰিয়া গাঁও থলুৱা লোকৰ ব্যৱসায় উচ্ছেদ কৰা আৰু উৰিয়া গাঁৱৰ ঐতিহাসিক খেলপথাৰখনৰ বিষয়টোক লৈ বৃহত্তৰ উৰিয়া গাঁৱৰ ৰাইজে কৰা প্ৰতিবাদৰ দাবী সন্দৰ্ভত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ পৰা উৰিয়া চ'কৰ ঐতিহাসিক খেলপথাৰখনৰ ভূমি যাতে স্থানীয় ৰাইজে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে চৰকাৰীভাৱে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি জনায়।

লগতে উক্ত আলোচনাত থলুৱা লোকসকলে যাতে কোনো সমস্যা নোহোৱাকৈ ব্যৱসায় চলাই যাব পাৰে, তাৰ বাবেও স্থায়ী পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ পিছৰ পৰাই নগাঁও জিলাৰ ভিতৰতে অগ্ৰণী উৰিয়া গাঁও খেলপথাৰখন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত স্থানীয় ৰাইজে পুনৰ উদ্ধাৰ কৰি অঞ্চলটোত এক ক্ৰীড়াৰ পৰিবেশ গঢ়ি তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল।

দীৰ্ঘদিন ধৰি উৰিয়াগাঁৱৰ ক্ৰীড়াৰ বাতাবৰণ ম্লান পৰাৰ বাবে ১৭ বছৰ পিছত যোৱা ১৮ ফেব্ৰুৱাৰীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সহযোগত উৰিয়াগাঁও খেলপথাৰত আৰম্ভ হয় এখনি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা।

ইয়াৰ পিছতে বৃহত্তৰ উৰিয়া গাঁও অঞ্চলত ক্ৰীড়াৰ পৰিবেশ উন্নীতকৰণ সম্পৰ্কত এক আলোচনা সভা অনুষ্ঠিত হয়।পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু উৰিয়া গাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰাজ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত নাট্যকৰ্মী তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী কমলেশ শইকীয়াই গৌৰৱোজ্বল উৰিয়াগাঁৱৰ অতীত স্মৃতি ৰোমন্থন কৰে।

তেওঁ নিজৰ ভাষণত কয়- উৰিয়া গাঁৱৰ ঐতিহ্যমণ্ডিত খেলপথাৰত দীৰ্ঘদিনৰ মূৰত যি খেলৰ পৰিবেশ গঢ় লৈ উঠিছে,ই অঞ্চলটোৰ বাবে যোগাত্মক দিশ। ভৱিষ্যৎ প্ৰজন্মৰ বাবেও আমি এই খেলপথাৰখন সুৰক্ষিত কৰি ৰাখিব লাগিব।

ভাষণত শইকীয়াই পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে উৰিয়া গাঁও খেলপথাৰত জিলাৰ আন্তঃবিদ্যালয়সমূহৰ মাজত এক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ পোষকতা কৰে। সভাত শাৰীৰিক শিক্ষা নিৰ্দেশক দিলীপ বৰাই উৰিয়া গাঁও খেলপথাৰখন ৰাইজে পুনৰ উদ্ধাৰ কৰা প্ৰচেষ্টাক শলাগ লয়।

সভাত অসম আন্দোলনৰ নেতা পীতাম্বৰ শইকীয়া, শাৰীৰিক শিক্ষা নিৰ্দেশক ৰূপক শইকীয়া, উৰিয়া গাঁও বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ৰীমা বৰা, প্ৰভাত বৰা, শুভজিৎ সিংহা, ৰূপৰাম হাজৰিকা, কৌশিক হাজৰিকা, দিব্যজিৎ হাজৰিকা, প্ৰাণকৃষ্ণ ডেকা আদি উপস্থিত থাকে। সভাত উৰিয়া গাঁও খেলপথাৰখন মিনি ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰা, বহাগ বিহুৰ আগে আগে খেলপথাৰখনত ভূমি উন্নয়নৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি ইয়াৰ প্ৰতিলিপি চৰকাৰ তথা স্থানীয় বিধায়কলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

উল্লেখ্য যে,আজি চুড়ান্ত খেলখন উদ্বোধনীৰ সময়ত বেটছমেনৰ ৰূপত দেখা পোৱা যায় নাট্যকৰ্মী কমলেশ শইকীয়া আৰু তেওঁক বলিং কৰে অসম আন্দোলনৰ নেতা পীতাম্বৰ শইকীয়াই। বিশেষকৈ সুদীৰ্ঘ দিনৰ অন্তত ঐতিহাসিক উৰিয়া গাওঁ খেলপথাৰখনলৈ ক্ৰীড়াৰ পৰিবেশ ঘূৰি অহাৰ বাবে স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

পুনৰ প্ৰাণ পাই উঠিল উৰিয়াগাওঁ খেলপথাৰঃ প্ৰাইজমানি ক্ৰিকেটৰ চুড়ান্ত বিজয়ী কৰৈয়নীৰ নাইট ৰাইদাৰছ
১৫ বছৰে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ, প্ৰসাৰত নিমগ্ন বিশ্বনাথৰ পল্লৱী গোস্বামী মহন্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in