/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6ca28b12-d010-4609-82c3-b6ac0727a88b/232.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ "নৱপ্ৰজন্মই গুৰুজনাৰ বিজ্ঞান মানসিকতাক হৃদয়ংগম কৰি, তেওঁৰ আদৰ্শক সাৰোগত কৰি নিজকে একোজন প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তোলক।" সেই উদ্দেশ্যেৰে নগাঁও জিলাৰ ৰাইডঙীয়াৰ সামাজিক-সাংস্কৃতিক সংগঠন "সহোদৰ"ৰ উদ্যোগত আয়োজন কৰা হয় এখনি ৰচনা প্ৰতিযোগিতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/65215b96-d2ba-4559-a07d-76a6ed55a9cb/ddfa8720_3673_41da_9286_43cfa9debd69.jpg)
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি "বিজ্ঞানমনস্কতা আৰু গুৰুজনাৰ ভক্তি আন্দোলন" শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাখন আইভেটি গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হয়।
সভাৰ বন্তি প্ৰজ্জ্বলন কৰে সমাজকৰ্মী যতীন চন্দ্ৰ বৰাই। আনহাতে শিল্পী অনু দাসৰ এটি বৰগীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। অনুষ্ঠানটিত সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ বৰাই সঞ্চালনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/936cc9b6-e20f-4851-96d1-2006e4f7f57c/293fdefc_d0b5_47aa_a079_266afcd99041.jpg)
সভাত বটদ্ৰৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ প্ৰাঞ্জলী মহন্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱা,সাহিত্যিক ৰিনি নেওগ,ৰেনেচা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়া,সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰ,কবি নাৰায়ণ চন্দ্ৰ দাস , প্রভাস বৰা , নৱ কমল ৰাজা , সূৰ্য ৰাজখোৱা , অৰুণ শইকীয়াকে আদি কৰি কেইবাগৰাকী ব্যক্তি , ছাত্র -ছাত্ৰী ,অভিভাৱক উপস্থিত থাকে।
ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বটদ্ৰৱাৰ কস্তুৰী শৰ্মা,দ্বিতীয় স্থান লাভ কৰে পুৰণিগুদামৰ অভিলাষা কটকী , তৃতীয় স্থান দখল কৰে জুৰিয়াৰ গৌৰৱ শইকীয়াই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উক্ত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰৰ সৈতে ক্ৰমে ৫০০১/-মান পত্ৰ,৩০০১/-মানপত্ৰ আৰু ২০০১/- মানপত্ৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/62bc1aaf-11d6-44c1-9922-ebe21ef79f83/9de5ab4b_ac90_43d4_a892_94cde78dfb4f.jpg)
উল্লেখ্য যে, ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আগবঢ়াইছিল ক্ৰমে গৌতম কামাখ্যা দাস , পূৰবী পাঠক আৰু দিলীপ বৰাই। "গুৰুজনাৰ বিজ্ঞানমনস্কতা আৰু ভক্তি আন্দোলন" শীৰ্ষক ৰচনাৰ বিষয়বস্তুৰ বিষয়ে বিজ্ঞসকলে সভাত মতামত দাঙি ধৰে।
Also Read: বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীত লা খেতিৰ এদিনীয়া প্ৰশিক্ষণ