বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীত লা খেতিৰ এদিনীয়া প্ৰশিক্ষণ

বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীত লা খেতিৰ এদিনীয়া প্ৰশিক্ষণ

ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মূল প্ৰেক্ষাগৃহত দেওবাৰে লা খেতিৰ এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়। অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় আৰু আৰক্ষী বাহিনীটোৰ যৌথ উদ্যোগত নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে "লা"ৰ বৈজ্ঞানিক আৰু বাণিজ্যিক খেতিৰ ওপৰত এখনি এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই কৰ্মশালাখনিৰ আগভাগ লয় নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুকুট ৰাভাই। তেওঁৰ নেতৃত্বত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° পূৰ্ণিমা দাস ।

তেওঁ উপস্থিত যুৱক-যুৱতীসকলক উদ্দেশ্যি "লা" খেতি বৈজ্ঞানিকভাৱে কেনেদৰে কৰিব পাৰি, পোকৰ পৰা কি কি মূল্যৱান সম্পদ পাব পাৰি,কেনে মাটিত কৰিব পাৰি ইত্যাদিৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে । এই প্ৰশিক্ষণ কাৰ্য্যসূচীত কেইবাজনো যুৱক-যুৱতী এই খেতি কৰিবলৈ আগ্ৰহী হোৱা বুলি অধ্যাপিকা ড° পূৰ্ণিমা দাসে জানিবলৈ দিয়ে ।

প্ৰশিক্ষণ শিবিৰত ড° পূৰ্ণিমা দাসৰ সৈতে সমল ব্যক্তি হিচাপে অন্ধ্ৰপ্ৰদেশত অধ্যয়নৰত হৈ থকা তেওঁৰেই গৱেষণা ছাত্ৰী বান্না উচ্চাশ্ৰীকে প্ৰমুখ্যে কৰি বাহিনীটোৰ সহ: অধিনায়ক নৱকান্ত ডেকা আৰু কৰ্মৰত জোৱানসকল উপস্থিত থাকে । উল্লেখ্য যে , অসম আৰক্ষী দিৱস উপলক্ষে বিয়লি নৱম অসম বাহিনীৰ জোৱানসকলৰ মাজত এখনি প্ৰীতি ফুটবল খেলো অনুষ্ঠিত হয় ।

বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীত লা খেতিৰ এদিনীয়া প্ৰশিক্ষণ
গুগল মেপৰ ভুল ঠিকনা ! গাড়ী পৰিল নদীত,২ চিকিৎসক নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in