ডিজিটেল সংবাদ নগাঁও: নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সভাগৃহত আজি বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰা হয়। নগাঁৱৰ ডাঃ পাৰ্থসাৰথি বৰুৱা স্মৃতিৰক্ষা সমিতি, নগাঁও ছোৱালী মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ডিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠানৰ যুটীয়া উদ্যোগত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে ডাঃ পাৰ্থসাৰথি বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান কৰা হয়। অনুষ্ঠানত পাৰ্থসাৰথি বৰুৱা ফটোগ্ৰাফী বটা প্ৰদান কৰা হয় প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী প্ৰশান্ত কুমাৰ বৰদলৈক। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে।
নিজৰ ভাষণত বৰকটকীয়ে ফটোগ্ৰাফী দিৱসৰ তাৎপৰ্য ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত কলা সমালোচক প্ৰৱন্ধকাৰ অংকুৰ ডেকা, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কুলেন চন্দ্ৰ দাস আদিয়ে অংশগ্ৰহণ গ্ৰহণ কৰে।
ভালে সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ আঁতধৰে ভিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠানৰ পৰিচালক নৃপেন শইকীয়াই। অনুষ্ঠানতে আলোকচিত্ৰ শিল্পী প্ৰশান্ত বৰদলৈৰ জীৱনৰ আধাৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।