একাধিক সমস্যা সমাধানৰ দাবীৰে উৰিয়ামঘাটত অৱস্থান ধৰ্মঘট...
একাধিক সমস্যা সমাধানৰ দাবীৰে উৰিয়ামঘাটত অৱস্থান ধৰ্মঘট...

একাধিক সমস্যা সমাধানৰ দাবীৰে উৰিয়ামঘাটত অৱস্থান ধৰ্মঘট...

চুতীয়া ছাত্ৰ সন্থাৰ ওঠৰ দফীয়া দাবী প্ৰেৰণ
Published on

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট অস্থায়ী বাছ আস্থানত আজি উৰিয়ামঘাটৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটত পালন কৰে।সংগঠনটোৰ কৰ্মকৰ্তাসকলে আজি দিনৰ ১২ বজাৰ পৰা হাতে হাতে প্লে' কাৰ্ড, ফেষ্টুন আদি লৈ চৰকাৰ তথা প্ৰশাসন বিৰোধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰে।

অসম-নগালেণ্ড সীমা সমস্যা বন্ধ কৰক, অসম চৰকাৰ হায় হায়, অন লাইন তীৰ খেল বন্ধ কৰক, সীমান্ত দণ্ডাধীশৰ উৰিয়ামঘাটত থকা কাৰ্যালয়টো খোলাৰ ব্যৱস্থা কৰক, ৰেংমা নৈৰ খহনীয়া ৰোধৰ ব্যৱস্থা কৰক, উৰিয়ামঘাট বজাৰৰ নলা-নৰ্দমা পৰিষ্কাৰ কৰক আদি শ্ল'গানেৰে সংগঠনটোৱে আজিৰ কাৰ্যসূচী ৰূপায়ন কৰে।

পিছত সংগঠনটোৱে ওঠৰ দফীয়া এখন দাবী পত্ৰ ধনশিৰিৰ মহকুমাৰ মহকুমাধিপতিলৈ প্ৰেৰণ কৰে। বৰষুণৰ মাজতে ৰূপায়ণ কৰা উক্ত কাৰ্যসূচীৰ নেতৃত্বত আছিল চুতীয়া ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আঞ্চলিক সমিতিৰ সভাপতি দীপাংকৰ বৰা সম্পাদক ডিম্পল শইকীয়া।

একাধিক সমস্যা সমাধানৰ দাবীৰে উৰিয়ামঘাটত অৱস্থান ধৰ্মঘট...
ব্ৰহ্মপুত্ৰৰ মথাউৰী আৰু লোকনিৰ্মাণ পথত ডাম্পাৰৰ দৌৰাত্ম্য...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in