ননৈত ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত "প্ৰণবানন্দ বানপ্ৰস্থ আশ্ৰমৰ" ভূমি পূজন

ননৈত ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত "প্ৰণবানন্দ বানপ্ৰস্থ আশ্ৰমৰ" ভূমি পূজন

author-image
Asomiya Pratidin
New Update
ননৈত ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত "প্ৰণবানন্দ বানপ্ৰস্থ আশ্ৰমৰ" ভূমি পূজন

ডিজিটেল সেৱা, কঠীয়াতলী:- সমাজৰ প্ৰগতি তেতিয়া হে সম্ভৱ যেতিয়া দৰিদ্ৰ নিচলা জনৰ মঙ্গল হ'ব। সেই মহান উদ্দেশ্য আগত ৰাখিয়ে অতি সংগোপনে নগাঁও জিলাৰ কন্দলী পাহৰৰ সমীপত আৰম্ভ কৰে এখন আশ্ৰমৰ। য'ত দৰিদ্ৰ নিচলা জনে লাভ কৰিব আশ্ৰয় আৰু শিক্ষাৰ পোহৰ।

Advertisment

নগাঁৱৰ ননৈ নপমুৱাত মঙ্গলবাৰে এক ভূমি পূজনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ননৈৰ শিৱ মন্দিৰৰ সমীপতে ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত "প্ৰণবানন্দ বানপ্ৰস্থ আশ্ৰমৰ" ভূমি পূজন কাৰ্যসূচী সম্পন্ন কৰে ভাৰত সেৱাশ্ৰম সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য সংগঠক তথা কৰ্মবীৰ সন‌্যাসী শ্ৰীমৎ স্বামী সাধনানন্দজী মহাৰাজে।

অতি ভিতৰুৱা ননৈ নপমুৱা অঞ্চলত বৃদ্ধাশ্ৰম স্থাপন কৰি সমাজ সেৱা কৰাৰ লগতে অতি ভিতৰুৱা অঞ্চলটোক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহন কৰিছে ভাৰত সেৱাশ্ৰম সংঘ‌ই । উল্লেখ্য যে ননৈ নপমুৱা গাৱঁত স্বামী সাধনানন্দজী মহাৰাজ উপস্থিত হোৱাৰ লগে লগে শংঙ্খ,ঘন্টাৰ ধ্বনিৰ লগতে আয়তীৰ মঙ্গল উৰুলিৰে স্থানীয় ৰাইজে মহাৰাজক আদৰণি জনায়।

Also Read: য়াবা টেবলেটসহ বুজন পৰিমাণৰ গাঞ্জা জব্দ