Advertisment

য়াবা টেবলেটসহ বুজন পৰিমাণৰ গাঞ্জা জব্দ

য়াবা টেবলেটসহ বুজন পৰিমাণৰ গাঞ্জা জব্দ

author-image
Asomiya Pratidin
New Update
য়াবা টেবলেটসহ বুজন পৰিমাণৰ গাঞ্জা জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ মঙলবাৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। পৃথক পৃথক অভিযান চলাই ধলাই জিলাৰ আৰক্ষীয়ে দুখন বাহনৰ পৰা জব্দ কৰে এই বুজন পৰিমাণৰ গাঞ্জা আৰু টেবলেট খিনি।‌

Advertisment

গোপন তথ্যৰ ভিত্তিত আমবাছাৰ‌ বেতবাগান তালাচী চকীত অভিযান চলাই দুখন বাহনৰ পৰা জব্দ কৰা হয় ৪১০কেজি গাঞ্জা। জব্দকৃত গাঞ্জাৰ মূল্য প্ৰায় ৪১ লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ইফালে, আন এক অভিযানত আমবাছা এলেকাত জব্দ কৰা হৈছে কেবাশ কিলোগ্ৰাম গাঞ্জা।‌ দুবাৰৰ অভিযানত মুঠ ১৬০০ কেজি গাঞ্জা জব্দ কৰা হয়। জব্দ কৰা এই আটাইখিনি গাঞ্জাৰ‌ মুল্য প্ৰায় ১.৬৩ কোটি টকা।

আনহাতে, ধৰ্মনগৰ এলেকাত অভিযান চলাই এখন বাহনৰ পৰা ৭০০০ য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে।‌যাৰ বজাৰ মূল্য প্ৰায় ৩৫ লাখ টকা। গাঞ্জা আৰু টেবলেট সৰবৰাহৰ সৈতে জৰিত বাহন দুখনৰ চালক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰি কৰিছে আৰক্ষীয়ে। ধৃত যুৱক দুজন কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি চান্দখিৰাৰ বাহাৰ উদ্দিন আৰু বান্দৰখালৰ চুলতান আহমেদ।

Also Read: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকা আৰু নাই

ganja