২৯ মে'ত মাতৃভূমিলৈ উভতিব পাকিস্তানত বন্দী ৱাহিদা বেগম আৰু পুত্ৰ...

২৯ মে'ত মাতৃভূমিলৈ উভতিব পাকিস্তানত বন্দী ৱাহিদা বেগম আৰু পুত্ৰ...

author-image
Asomiya Pratidin
New Update
 ২৯ মে'ত মাতৃভূমিলৈ উভতিব পাকিস্তানত বন্দী ৱাহিদা বেগম আৰু পুত্ৰ...

ডিজিটেল ডেস্কঃ ডেৰ বছৰৰ পিছত অৱশেষত ভাৰতলৈ উভতিব পাকিস্তানৰ জেলত বন্দী নগাঁৱৰ ৱাহিদা বেগম আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰ। ২৯ মে'ৰ পুৱা ৱাঘা সীমান্তৰে স্থানান্তৰ কৰা হ'ব দুই মাতৃ-পুত্ৰক।

Advertisment

উল্লেখ্য যে, পাকিস্তানৰ কুৱেইটা জেলত ২০২২ চনৰ নৱেম্বৰ মাহৰ পৰা বন্দী হৈ আছিল ৱাহিদা বেগম আৰু তেওঁৰ পুত্ৰ। কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়, গৃহ মন্ত্ৰণালয় তথা অধিবক্তা সন্তোষ কুমাৰ সুমনৰ তৎপৰতাত হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন হয়।

জানিব পৰা মতে, নগাঁৱৰ বৰবজাৰৰ ৱাহিদা বেগম নামৰ মহিলাগৰাকী পুত্ৰ সন্তানসহ ২০২২ চনৰ ১ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল। দৰাচলতে, ১ নৱেম্বৰৰ পুৱা স্বামীৰ বৰবজাৰৰ সম্পত্তি ১ কোটি ৬০ লাখ টকাত বিক্ৰী কৰি চেলিম খান নামৰ এজন কাবুলীৱালাৰ সৈতে অন্তৰ্ধান হৈছিল ৱাহিদা। ইয়াৰ পিছতে ৱাহিদাৰ মাতৃ আজিফা খাতুনে তেওঁৰ লগতে পুত্ৰ সন্তানৰ নিৰুদ্দেশ সন্দৰ্ভত নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। তেনেদৰে কন্যাক উদ্ধাৰৰ চেষ্টা আৰম্ভ হৈছিল।

উল্লেখ কৰাটো প্ৰয়োজনীয় যে, উচ্চতম ন্যায়ালয়টো আবেদন কৰিছিল ৱাহিদাৰ মাতৃ আফিজা খাতুনে। গৃহ মন্ত্রণালয়ক দিয়া আবেদনৰ ভিত্তিত বৈদেশিক মন্ত্রণালয়লৈ পত্র প্রেৰণ কৰা হৈছিল। ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰিছিল। বিষয়টো আদালতৰ পৰিসীমাৰ বাহিৰৰ বাবে আবেদন খাৰিজ কৰা হৈছিল।

Also Read: মেঘালয়ত ভূমিস্খলনঃ বন্ধ হৈ পৰিছে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ...

nagaon police pakistan jail wahida Begam pakistan home ministry of india