আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া

ডিজিটেল সংবাদ,বটদ্ৰৱা : আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই ৷ এই ছাত্ৰজন হৈছে জিলাখনৰ হাতীচোং মৌজাৰ চকলাঘাট জে বি স্কুলত অধ্যয়নৰত চতুৰ্থ মানৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া ৷

প্ৰজ্ঞাত জ্যোতি শইকীয়াৰ পিতৃ-মাতৃ ক্ৰমে ৰাইদঙীয়াৰ আইভেটী নিবাসী দিগন্ত শইকীয়া আৰু প্লাবিতা মুদৈ শইকীয়া। প্ৰজ্ঞাত জ্যোতিয়ে যোৱা ৩১ মে’ৰ পৰা নেপালৰ মেছি নগৰৰ জাপাৰ কাকৰভিটাত দুুদিনীয়াকৈ অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুটাকৈ পদক বুটলিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে উক্ত প্ৰতিযোগিতাখন নেপাল চিট'-ৰিঅ’ কাৰাটে স্কুলৰ ব্যৱস্থাপনাত তথা নেপাল কাৰাটে ড’ ফেডাৰেচন আৰু নেপাল চিট’-ৰিঅ’ কাৰাটে ড’ এছ’চিয়েছনৰ সহযোগত অনুষ্ঠিত হৈছিল।

জানিব পৰা মতে, প্ৰজ্ঞাত জ্যোতিয়ে উক্ত প্ৰতিযোগিতাখনিৰ ল’ৰাৰ ১০-১১ বছৰ শাখাত ৰূপ আৰু কুমিটেত ল’ৰাৰ ৩০ কেজিৰ অনূৰ্ধ্বৰ শাখাত ব্ৰঞ্জৰ পদক আজুৰি আনে ৷ সৰুৰে পৰা স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ চিহান পংকজ মুদৈৰ প্ৰশিক্ষণত কাৰাটেত একাগ্ৰতাৰে ব্যস্ত থকা প্ৰজ্ঞাত জ্যোতিয়ে নিজৰ দক্ষতাৰ বলত ইতিপূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও পদক অৰ্জন কৰিছে ৷

তদুপৰি বিগত বৰ্ষটো নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপত এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছিল ৷ প্ৰজ্ঞাত জ্যোতিৰ এই ঈষণীয় সফলতাই এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁও জিলাবাসীক গৌৰাম্বিত কৰি তোলাৰ বিপৰীতে বিভিন্নজনে উজ্বল ভৱিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া
লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল বাতিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in