আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল নগাঁৱৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া...

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই ৷
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল নগাঁৱৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া...

ডিজিটেল সংবাদ, নগাঁওঃ: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই ৷ এই ছাত্ৰজন হৈছে জিলাখনৰ হাতীচোং মৌজাৰ চকলাঘাট জে বি স্কুলত অধ্যয়নৰত তৃতীয় মানৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া ৷ যোৱা ২৭ মে’ৰ পৰা দুুদিনীয়াকৈ নেপালৰ মেছি নগৰৰ জাপাৰ কাকৰভিটাত চিট'-ৰিঅ’ কাৰাটে স্কুল অৱ নেপালৰ ব্যৱস্থাপনাত তথা নেপাল চিট’-ৰিঅ’ কাৰাটে ড’ এছ’চিয়েছনৰ সহযোগত অনুষ্ঠিত হৈছিল নৱম আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপ ।

প্ৰজ্ঞাতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুটাকৈ পদক বুটলিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, প্ৰজ্ঞাত জ্যোতিয়ে উক্ত প্ৰতিযোগিতাখনিৰ কাটাত ল’ৰাৰ আঠ বছৰ শাখাত সোণ আৰু কুমিটেত ল’ৰাৰ পঁচিছ বছৰ অনূৰ্ধ্বৰ শাখাত ব্ৰঞ্জৰ পদক আজুৰি আনে ৷

সৰুৰে পৰা স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ চিহান পংকজ মুদৈৰ প্ৰশিক্ষণত কাৰাটেত একাগ্ৰতাৰে ব্যস্ত থকা প্ৰজ্ঞাত জ্যোতিয়ে নিজৰ দক্ষতাৰ বলত ইতিপূৰ্বে ৰাজ্যিক পৰ্যায়ত পদক অৰ্জন কৰিছে ৷ প্ৰজ্ঞাত জ্যোতিৰ এই ঈষণীয় সফলতাই এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁও জিলাবাসীক গৌৰাম্বিত কৰি তুলিছে । প্ৰজ্ঞাতৰ এই সফলতাত বিভিন্নজনে উজ্বল ভৱিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে ৷ ৰাইদঙীয়াৰ আইভেটী নিবাসী দিগন্ত শইকীয়া আৰু প্লাবিতা মুদৈ শইকীয়াৰ পুত্ৰ প্ৰজ্ঞাত ।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল নগাঁৱৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া...
বিলাসীপাৰাত বাল্য বিবাহ বিৰোধী সজাগতা সভা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in