বিলাসীপাৰাত বাল্য বিবাহ বিৰোধী সজাগতা সভা...

উদমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে এখন বাল্যবিবাহ বিৰোধী সজাগতা সভাৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাত বাল্য বিবাহ বিৰোধী সজাগতা সভা...

বাল্যবিবাহ বিৰোধী সজাগতা সভা

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিলাসীপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু বিলাসীপাৰা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত উদমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে এখন বাল্যবিবাহ বিৰোধী সজাগতা সভাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুভাষ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সজাগতা সভাখনিৰ ।

 বাল্যবিবাহ বিৰোধী সজাগতা সভা
বাল্যবিবাহ বিৰোধী সজাগতা সভা

আজিৰ সভাখনিত বিলাসী পাৰা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ কিংশুক চক্ৰৱৰ্তী, ৰাজনীতি বিভাগৰ অধ্যাপক ক্ৰমে সুনীল শৰ্মা, কুলেন দাস আৰু নম্ৰতা সেন উপস্থিত থাকে। সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰি বাল্য বিবাহ নিৰ্মূল কৰাত সহযোগ আগবঢ়াবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

বিলাসীপাৰা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ কাৰ্যক্ৰম বিষয়া ড° হৰিচৰণ দাসে আঁত ধৰা এই সভাখনত কেবাগৰাকীও শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে অভিমত ব্যক্ত কৰে।

Also Read: জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্ত জৰিয়তে দোষীক কৰায়ত্তৰ দাবীত ধেমাজিত প্ৰতিবাদ...

Anti-child marriage awareness meeting against child marriage